অযোধ্যাত কেনেকৈ সংঘটিত হৈছে ভূমি কেলেংকাৰি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছিল অসমৰ ইতিহাসৰ এটা সর্ববৃহৎ ভূমি কেলেংকাৰিৰ তথ্য৷শেহতীয়াকৈ আন এটা অবৈধ ভূমি ক্ৰয় বিক্ৰয়ৰ তথ্য ফাদিল হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত৷এই কাহিনী অযোধ্যাৰ৷ ৰাম মন্দিৰ নিমার্নৰ পক্ষে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰাৰ পিছতেই অযোধ্যাত বিধায়ক আৰু চৰকাৰী বিষয়াৰ আত্মীয়ই ক্ৰয় কৰিছে এডুখৰৰ পিছত আন এডুখৰ ভূমি৷এই প্ৰক্ৰিয়াত দলিত বসতি গাওৰ ভূমিৰ অবৈধ হস্তান্তৰৰ কেলেংকাৰিও আহিছে পোহৰলৈ৷ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত ফাদিল হোৱা অযোধ্যাৰ ভূমি ক্ৰয়ৰ সৱিশেষ লৈ আহিছো এই প্ৰতিবেদনত৷
২০১৯ চনৰ ৯ নবেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পক্ষে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে৷এই ৰায়দানৰ পিছতেই অযোধ্যাত চলিছে ভূমি ক্ৰয় অভিযান৷স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি মেয়ৰ,চক্ৰ বিষয়া,আৰক্ষী বিষয়া,ৰাজ্যিক তথ্য বিষয়া আৰ আৰক্ষী পৰিদর্শকৰ আত্মীয়কে ধৰি অযোধ্যাত শেহতীয়া সময়ত ভূমি ক্ৰয়ৰ ১৪ টা ঘটনা পোহৰলৈ আহিছে ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্যত৷এই ভূমি ক্ৰয় অভিযান আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত৷উল্লেখনীয় কথাটো হল,এই ১৪ টা ভূমি ক্ৰয়ৰ ঘটনাৰ ভিতৰত পাচটাত দলিত বসতি গাওৰ ভূমিৰ অবৈধ হস্তান্তৰৰ তথ্য ফাদিল কৰিছে ইণ্ডিয়ান এক্সপ্ৰেছে৷

চক্ৰ বিষয়া এম পি আগৰৱালৰ দুগৰাকী আত্মীয়ই একেটা দিনতে অযোধ্যাত ৩১ লাখ আৰু ১৫ লাখ টকাৰে ক্ৰয় কৰে দুটা প্লটৰ ভূমি৷অযোধ্যাৰ মুখ্য ৰাজহ বিষয়াৰ আত্মীয়ই ২১ লাখ টকাৰে ক্ৰয় কৰে ভূমি৷একেদৰে বিধায়ক ইন্দ্ৰ প্ৰতাপ তিয়াৰীয়ে নিজৰ নামত ক্ৰয় কৰে ৩০ লাখ টকা মূল্যৰ ভূমি৷একেদৰে বিধায়ক গৰাকীৰ আন এজন আত্মীয়ই ক্ৰয় কৰে ৪৭ লাখ টকা মূল্যৰ আন এটা প্লটৰ ভূমি৷আন এগৰাকী বিধায়ক বেদ প্ৰকাশ গুপ্তাৰ আত্মীয়ই ১ কোটি ১৫ লাখ আৰু ৪ কোটি টকাৰ মূল্যৰ দুটা প্লটৰ ভূমি ক্ৰয় কৰে অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণ থলীৰ ৫ কিলোমিটাৰ বাসার্ধৰ ভিতৰত৷
এই তালিকাত সোমাই আছে আৰক্ষী অয়ুক্ত দীপক কুমাৰ,অৱসৰপ্ৰাপ্ত আই এ এচ বিষয়া উমাধৰ দিবেদী,মেয়ৰ ৰিষিকেষ উপাধ্যায়, আৰক্ষী বিষয়া অৰবিন্দ চৌৰাচিয়া,ৰাজ্যিক তথ্য বিষয়া হৰর্ষবর্ধন শাহি,ৰাজহ বিষয়া বাদ্ৰি উপাধ্যায় আৰু সুধাংশু ৰঞ্জনৰ আত্মীয়ৰ নাম৷ এনেদৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত অযোধ্যাৰ ৰাম মন্দিৰ নিমার্ন থলীৰ আশে পাশে ১৪ গৰাকী বিধায়ক,চৰকাৰী বিষয়াই ক্ৰয় কৰে ভূমি৷
কিন্তু ইয়াৰে চাৰিটা ভূমি ক্ৰয় প্ৰক্ৰিয়া অবৈধ বুলিও এতিয়া তথ্য ফাদিল হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত৷উত্তৰ প্ৰদেশৰ ভূমি আইন অনুসৰি দলিত সম্প্ৰদায়ৰ নামত থকা কৃষি ভূমি অন্য সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিব নোৱাৰে৷কিন্তু উত্তৰ প্ৰদেশৰ এখন দলিত গাওৰ পৰা ১৯৯২ চনত মহর্ষি ৰামায়ন বিদ্যাপীঠ ট্ৰাষ্টে ক্ৰয় কৰে ২১ বিঘা ভুমি৷এই ভূমি ক্ৰয় কৰা হয় ট্ৰাষ্টটোত কর্মৰত ৰংহাই নামৰ এজন দলিতৰ নামেৰে৷ৰংহাইয়ে এই ভূমিখণ্ড ১৯৯৬ চনত দান কৰে মহর্ষি ৰামায়ন বিদ্যাপীঠ ন্যাসক৷ইয়াৰ পিছতেই দলিতৰ পৰা ক্ৰয় কৰা এই ২১ বিঘা ভূমি নামজাৰি হয় ন্যাসৰ নামত৷এই গাওখনো আছিল ৰাম মন্দিৰ নির্মাণ থলীৰ ৫ কিলোমিটাৰ বাসার্ধৰ ভিতৰত৷দলিত গাওৰ ভূমিৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে ইয়াৰ পিছতেই ৰুজু হয় গোচৰ৷গোচৰ এতিয়াও বিচাৰাধীন৷কিন্তু গোচৰ বিচৰাধীন অবস্থাত থকাৰ স্বত্বেও সেই ভূমিখণ্ড এতিয়া বিক্ৰী কৰিছে মহর্ষি ৰামায়ন বিদ্যাপীঠ ন্যাসে৷উচ্চতম ন্যায়ালয়ৰ ৰাম মন্দিৰ নিমার্নৰ ৰায়দানৰ পিছতেই ন্যাসটোয়ে চাৰিজনকৈ চৰকাৰী বিষয়াৰ আত্মীয়ক বিক্ৰী কৰিলে ৰংহাইৰ জৰিয়তে ক্ৰয় কৰা ভূমি৷
ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত পোহৰলৈ আহিছে,উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত কিদৰে অযোধ্যাত বিধায়ক-চৰকাৰী বিষয়াৰ আত্মীয়ই আৰম্ভ কৰিছে ভূমি ক্ৰয় অভিযান৷কিন্তু তাৰমাজতে ফাদিল হৈছে ভূমিৰ অবৈধ ক্ৰয়ৰ তথ্যও৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296