তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

বিজেপিয়ে বিৰোধী বিধায়কক ক্ৰয় কৰি গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ সততেই উত্থাপিত হয়। কিন্তু এইবাৰ বিজেপিয়ে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। তেলেংগানা বিজেপিৰ সভাপতি এটেলা ৰাজেন্দৰে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। “মুখ্যমন্ত্ৰী KCR এ বিৰোধীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। বহুজন সমাজবাদী পাৰ্টি,YSRCP,TDP আৰু কংগ্ৰেছৰ মুঠ ২৫ জন বিধায়কক ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীয়ে । ১১৯ খন আসনৰ ৯০ খন আসন লাভ কৰি গৰিষ্ঠসংখ্যকৰ সমৰ্থন লৈ তেওঁ গণতন্ত্ৰক ধ্বংস কৰিলে”- এনেদৰে মন্তব্য কৰে তেলেংগানা বিজেপিৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে এই বুলিও অভিযোগ কৰে যে TRS এ ভয় ভাবুকি আৰু ধনৰ টোপ দি বিৰোধী বিধায়কক ক্ৰয় কৰিছে। ইয়াৰ বিপৰীতে তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি KCR এ কয়” বিজেপিয়ে সমগ্ৰ দেশৰ গণতন্ত্ৰ শেষ কৰি দিছে।সমগ্ৰ দেশতে এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছে। মই এই কথাখিনি খুব দুখেৰে কৈছোঁ।মই ভাবিবও নোৱাৰোঁ যে ইমান বেয়া মনৰ মানুহ থাকিব পাৰে। নিবনুৱা সমস্যা ক্ৰমশঃ বৃদ্ধি হৈ আছে। টকাৰ মূল্য কমিছে।বিজেপিয়ে সকলো ফালেই দেশখনক ধ্বংস কৰিছে।”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296