গাদভী কিয় গুজৰাটীৰ প্ৰথম পচন্দ?

গুজৰাটত আম আদমী পাৰ্টিৰ বহুপ্ৰত্যশিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম শুকুৰবাৰে ঘোষণা কৰে দলটোৱে।মুখ্যমন্ত্ৰী পদৰ বাবে কাক উপযুক্ত বুলি ভাৱে তাৰ উত্তৰ গুজৰাটৰ জনতাৰ পৰাই বিচাৰিছিল আম আদমি পাৰ্টিয়ে। তাৰবাবে এটা মেইল আইডি,এটা ফোন নম্বৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ নাম জনাবলৈ আহ্বান  জনাইছিল দলটোৱে। সেই অনুসৰি দলটোৱে জনসাধাৰণৰ মতামতৰ ভিত্তিত ঘোষণা কৰিলে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম,তেওঁৰ নাম ইছুদান গাদভী। ইছুদান গাদভী দলটোৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ দায়িত্বতো আছে। ৪০ বছৰীয়া গাদভীয়ে লাভ কৰিলে ৭৩ % ভোট । তেওঁ এগৰাকী সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি। VTV গুজৰাটৰ ‘মহামন্থনম’ অনুষ্ঠানৰ তেওঁ আছিল আঁতধৰোতা। অত্যন্ত জনপ্ৰিয় আছিল এই শ্ব’টো।দূৰদৰ্শনৰ জনপ্ৰিয় শ্ব’ ‘যোজনা’ৰ জৰিয়তে তেওঁ তেওঁৰ সাংবাদিকতা জীৱনৰ পাতনি মেলিছিল। ২০০৭ চনৰ পৰা ২০১১চনলৈ তেওঁ ETV ৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।তেওঁ তেওঁৰ জনপ্ৰিয় শ্ব’ৰ জৰিয়তে দাং আৰু কপাৰ্ডা তালুকৰ অবৈধ বনধ্বংসৰ বাতৰি ফাদিল কৰিছিল আৰু গুজৰাট চৰকাৰে বাধ্য হৈ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল। তেওঁ দ্বাৰকাৰ পিপালিয়া গাঁৱৰ এক কৃষক পৰিয়ালৰ সন্তান। তেওঁ অন্যান্য পিছপৰা জাতিক প্ৰতিনিধিত্ব কৰে। গুজৰাটত ৪৮% লোকেই অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ। তেওঁ ২০১৫ চনত VTV গুজৰাটত সৰ্বকণিষ্ঠ চেনেল হেড হিচাপে যোগদান কৰিছিল। তেওঁৰ শ্ব’বোৰে গ্ৰামাঞ্চলত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । গাদভীয়ে ২০২১ চনত আপত যোগদান কৰিছিল। আপ দললৈ তেওঁক আদৰি আনিছিল অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গাদভীয়ে আপত যোগদান কৰা প্ৰসংগত কয়“ এটা অতি প্ৰতিশ্ৰুতিসম্পন্ন কেৰিয়াৰ এৰি তেওঁ শাসক দল আৰু কংগ্ৰেছ দলৰ লেতেৰাবোৰ আঁতৰাবলৈ আপলৈ আহিছে। ”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296