সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৭৭ ৰ পৰা ৭২ লৈ ক’ত অৱনমিত হ’ল বিজেপি ?

৭৭ ৰ পৰা ৭৫ , ৭৫ ৰ পৰা ৭৪ , ৭৪ পৰা ৭৩ আৰু মঙলবাৰে ৭৩ ৰ পৰা ৭২ লৈ অৱনমিত হ’ল বিজেপি ৷ পশ্চিমবংগ বিজেপিৰ এজনৰ পাছত আনজন বিধায়কে দল এৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷সোমবাৰে বিজেপি এৰি তৃণমূলত যোগদান কৰা বিধায়কগৰাকী আছিল বিষ্ণুপুৰৰ বিধায়ক বিশ্বজিৎ দাস ৷ মঙলবাৰে আকৌ এগৰাকী বিজেপি বিধায়কে দল এৰিলে ৷ উত্তৰ ২৪ পাৰগনাৰ বিধায়ক বিশ্বজিৎ দাসে পুণৰ যোগদান কৰিলে তৃণমূল কংগ্ৰেছত ৷ দুয়োজনেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূলৰ পৰা গৈ বিজেপিত যোগদান কৰিছিল ৷ বিজেপিৰ টিকটত জয়লাভো কৰে ৷ কিন্তু তাৰ পাছত আকৌ উভতি আহে তৃণমূললৈ ৷

মঙলবাৰে তৃণমূলৰ সাধাৰণ সম্পাদক পাৰ্থ চট্টোপধ্যায়ৰ উপস্থিতিত হাতত তৃণমূলৰ পতাকা তুলি লৈ বিশ্বজিৎ দাসে কয় – ‘ভুল বুজাবুজিৰ বাবে তৃণমূল এৰিছিলো ৷ এতিয়া মমতা বেনাৰ্জীৰ উন্নয়নৰ যাত্ৰাত চামিল হ’বলৈ আকৌ উভতি আহিছো ৷’

- Donation -

বিগত বিধানসভা নিৰ্বাচনত ৭৭ খন আসনত জয়লাভ কৰা বিজেপি বিধায়কৰ সংখ্যা ইয়াৰ লগে লগে ৭২ লৈ অৱনমিত হ’ল ৷

 

Leave A Reply

Your email address will not be published.