৭৭ ৰ পৰা ৭২ লৈ ক’ত অৱনমিত হ’ল বিজেপি ?

Share This Article

৭৭ ৰ পৰা ৭৫ , ৭৫ ৰ পৰা ৭৪ , ৭৪ পৰা ৭৩ আৰু মঙলবাৰে ৭৩ ৰ পৰা ৭২ লৈ অৱনমিত হ’ল বিজেপি ৷ পশ্চিমবংগ বিজেপিৰ এজনৰ পাছত আনজন বিধায়কে দল এৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷সোমবাৰে বিজেপি এৰি তৃণমূলত যোগদান কৰা বিধায়কগৰাকী আছিল বিষ্ণুপুৰৰ বিধায়ক বিশ্বজিৎ দাস ৷ মঙলবাৰে আকৌ এগৰাকী বিজেপি বিধায়কে দল এৰিলে ৷ উত্তৰ ২৪ পাৰগনাৰ বিধায়ক বিশ্বজিৎ দাসে পুণৰ যোগদান কৰিলে তৃণমূল কংগ্ৰেছত ৷ দুয়োজনেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূলৰ পৰা গৈ বিজেপিত যোগদান কৰিছিল ৷ বিজেপিৰ টিকটত জয়লাভো কৰে ৷ কিন্তু তাৰ পাছত আকৌ উভতি আহে তৃণমূললৈ ৷

মঙলবাৰে তৃণমূলৰ সাধাৰণ সম্পাদক পাৰ্থ চট্টোপধ্যায়ৰ উপস্থিতিত হাতত তৃণমূলৰ পতাকা তুলি লৈ বিশ্বজিৎ দাসে কয় – ‘ভুল বুজাবুজিৰ বাবে তৃণমূল এৰিছিলো ৷ এতিয়া মমতা বেনাৰ্জীৰ উন্নয়নৰ যাত্ৰাত চামিল হ’বলৈ আকৌ উভতি আহিছো ৷’

বিগত বিধানসভা নিৰ্বাচনত ৭৭ খন আসনত জয়লাভ কৰা বিজেপি বিধায়কৰ সংখ্যা ইয়াৰ লগে লগে ৭২ লৈ অৱনমিত হ’ল ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.