অ’ৰেভাৰ টকাৰ খকেই কাল হ’ল গুজৰাটত?

Share This Article

গুজৰাটত টকাৰ লোভত অ’ৰেভা কোম্পানীয়ে দলঙত উঠালে ৫০০ লোকক। কোম্পানীটোৰ এই ধনৰ খকৰ বাবেই গুজৰাটত প্ৰাণ গ’ল শ শ লোকৰ। বাল্ব বিক্ৰী কৰা কোম্পানীক দিছিল দলঙৰ কাম। এতিয়া প্ৰশ্ন উঠিছে প্ৰশাসনক নজনোৱাকৈ দলঙত মানুহ উঠিবলৈ কিয় অনুমতি দিছিল অ’ৰেভাই?
ম’ৰবিৰ মাচ্চু নদীৰ এই ওলমা দলংখন ১৪৩ বছৰ পুৰণি। বাল্ব বিক্ৰী কৰা কোম্পানী অ’ৰেভাৰ হাতত দলংখন এৰি দিছিল প্ৰশাসনে। দলংখনৰ প্ৰস্থ ১.২৫ মিটাৰ অৰ্থাৎ ৪.৬ ফুট আৰু দৈৰ্ঘ্য ২৩৩ মিটাৰ অৰ্থাৎ ৭৬৫ফুট। বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰী মোডীৰ সপোনৰ গুজৰাটত অঘটন সংঘটিত হোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। য’ত আছিল প্ৰায় ৫০০ লোক। এই পৰ্যন্তলৈকে মৃত্যু ১৯০ জনৰো অধিক। মৃতকৰ ভিতৰত মহিলাৰ লগতে ৩০ত কৈও অধিক শিশু আছিল। দলঙৰ কেবল-নেট ধৰি থকা ২০০ জন লোক কোনোমতে ৰক্ষা পৰে মৃত্যুৰ পৰা ।এনে সময়তে পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। কেবল দলংখন কাৰ্যক্ষম কৰা হৈছিল ১৮৭৯চনৰ ২০ ফেব্ৰুৱাৰীত। ১৪৩ বছৰ পুৰণি হোৱাৰ বাবে দলংখন বহুবাৰ মেৰামতি কৰা হৈছে। বিগত ৬মাহ ধৰি বন্ধ আছিল মোডীৰ সপোনৰ গুজৰাটৰ কেবল দলংখন।শেহতীয়াকৈ ২ কোটি টকা ব্যয় কৰি দলংখন পুনৰ নিৰ্মাণ কৰা হৈছিল ।
বিগত ২৬ অক্টোবৰত পুনৰ মুকলি কৰা হৈছিল দলংখন।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, দলংখন পিকনিক স্পট হিচাপে বিখ্যাত। ৬ মাহৰ পাছত দলংখন মুকলি হোৱাৰ বাবে ৰাইজৰ মাজত বাঢ়িছিল উৎসাহ। তাতে কালিৰ দিনটো আছিল দেওবাৰ৷ সেয়ে বহু সংখ্যক মানুহ একেলগে ফুৰিবলৈ আহিছিল।১০ আৰু ১৫ টকাৰ টিকট এটা কিনিয়ে সৌন্দৰ্য উপভোগ কৰিবলৈ গ’ল কেইবা শ লোক।  প্ৰায় ৫০০ মানুহ একেলগে দলংখনত উঠিল। দলংখনলৈ যাবলৈ হ’লে বয়োজ্যেষ্ঠসকলৰ পৰা ১৫ টকা আৰু ল’ৰা-ছোৱালীৰ পৰা ১০ টকাৰ টিকট লোৱা হৈছিল। অ’ৰেভা কোম্পানীয়ে নিজেই টিকটৰ ধন লৈ আছিল যদিও দুয়ো মূৰত থিয় হৈ থকা চকীদাৰসকলে টিকটহে পৰীক্ষা কৰিছিল, মানুহৰ সংখ্যা পৰীক্ষা কৰা নাছিল। কিন্তু পুনৰ নিৰ্মাণৰ ৫ দিনৰ পাছতে দুৰ্ঘটনা সংঘটিত হোৱাত উত্থাপন হৈছে বহু প্ৰশ্নৰ। এতিয়া আমি আপোনালোকৰ সন্মুখত সেই প্ৰশ্নবোৰ ৰাখিছোঁ। যিবোৰ সময়মতে পোৱা হ’লে ইমান ডাঙৰ ঘটনা সংঘটিত নহ’লহেঁতেন।
পুনৰ নিৰ্মাণৰ পিছত দলংখনৰ শক্তি পৰীক্ষা কৰা হৈছিল নে?পুনৰ নিৰ্মাণৰ ৫ দিনৰ পাছতে কেনেকৈ ভাগিল দলং?
খৰখেদাকৈ আৰম্ভ কৰা হৈছিল নেকি দলংখন?পুনৰ নিৰ্মাণৰ পাছত বিশেষজ্ঞসকলে দলঙৰ সামৰ্থ্য পৰীক্ষা কৰিছিল নে ?নতুন দলং নিৰ্মাণৰ আগত বা পাছত বিশেষজ্ঞসকলে ইয়াৰ শক্তি পৰীক্ষা কৰাটো প্ৰয়োজন। ইয়াৰ বহন ক্ষমতা সম্পৰ্কে পৰীক্ষা কৰা উচিত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰশাসনক অৱগত নকৰাকৈয়ে দলংখনত মানুহ যাবলৈ অ’ৰেভাই অনুমতি দিছিল। এই ঐতিহাসিক দলংখন চহৰৰ পৌৰসভাৰ কৰ্তৃত্বত আছিল। পৌৰসভাই ইয়াৰ মেৰামতিৰ দায়িত্ব অজন্তা অ’ৰেভা গ্ৰুপ অৱ কোম্পানীক অৰ্পণ কৰিছিল। ই ইলেক্ট্ৰনিক ঘড়ী, কেলকুলেটৰ, ঘৰুৱা সঁজুলি আৰু এল ই ডি বাল্বৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান। কোম্পানীটোৱে দলংখনৰ যাতায়তৰ পূৰ্বে পৌৰসভাৰ অভিযন্তাসকলৰ পৰা ভেৰিফিকেচন লৈছিল নে বা ফিটনেছ স্পেচিফিকেশনৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল নে?

কিয় প্ৰশাসনে ঘড়ী-বাল্ব নিৰ্মাণ কৰা কোম্পানীৰ হাতত এৰি দিলে দলংখন?
মেৰামতিৰ সময়ত কোম্পানীটোৰ কাম-কাজ নিৰীক্ষণ কৰিব পৰাকৈ কোনো উপযুক্ত ব্যৱস্থা কৰা হোৱা নাছিল নেকি? অৰ্থাৎ ইয়াক সম্পূৰ্ণৰূপে কোম্পানীটোৰ ওপৰত এৰি দিয়া হৈছিল। এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল ২৬ অক্টোবৰত অ’ৰেভা কোম্পানীৰ এম ডি জয়সুখ পেটেলে এখন সংবাদমেলত দলংখন কমিছনিং কৰাৰ কথা ঘোষণা কৰিছিল, তেতিয়া পৌৰসভাই কিয় বন্ধ নকৰিলে?

দলঙত ইমান মানুহ উঠিবলৈ কিয় দিয়া হ’ল?
এই দলংখন পিকনিক স্পট হিচাপে বিখ্যাত আছিল। দীপাৱলীৰ পিছৰ ছুটিৰ দিনত মানুহে ফুৰিবলৈ ওলাই গৈছিল। ৬ মাহৰ পাছত দলংখন মুকলি হোৱাৰ বাবে ৰাইজৰ মাজত ইয়াক লৈ এক আকৰ্ষণ আছিল। ইয়াৰ বাবেই ইমানবোৰ মানুহ একেলগে ফুৰিবলৈ আহিছিল।

য’ত ভিৰ বেছি আছিল তাৰ পৰা দলংখন ভাঙি গ’ল নেকি?
ফটো আৰু ভিডিঅ’বোৰ চালে আপোনালোকে ধৰিব পাৰিব, দলংখন মাজৰ পৰা ভাগি গৈছে।দলংখন ক’ত ভাঙিবলৈ আৰম্ভ কৰিছিল তাৰ কংক্ৰিট তথ্য এতিয়াও লাভ কৰা নাই। দলংখন ক’ত ভাঙি গ’ল আৰু কি কাৰণ আছিল, এই তথ্য কেৱল তদন্তৰ পাছতহে গম পোৱা যাব।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে,
কিয় প্ৰশাসনে ইলেক্ট্ৰনিক ঘড়ী, কেলকুলেটৰ, ঘৰুৱা সঁজুলি আৰু এল ই ডি বাল্বৰ প্ৰস্তুতকাৰী কোম্পানীৰ হাতত এৰি দিলে দলংখন? প্ৰশাসনক নজনোৱাকৈ দলঙত মানুহ উঠিবলৈ কিয় অনুমতি দিছিল কোম্পানীটোৱে? এতিয়া ইয়াৰ বাবে দোষ স্বীকাৰ কৰিবনে কোম্পানীটোৱে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.