সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়?

আমেৰিকান সেনাই আফগানিস্তান এৰাৰ পিছতে এতিয়া নিজকে দেশখনৰ একছত্ৰী সম্ৰাট হিচাপে ঘোষণা কৰিছে তালিবানে। কিন্তু জম্মু-কাশ্মীৰৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ লগত তালিবানৰ সম্পৰ্ক কি? আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়? কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (আইবি) এটা সূত্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি ছয়টা উগ্ৰপন্থী গোট বৰ্তমান কাশ্মীৰত সক্ৰিয় হৈ আছে। বিগত এমাহত ২৫-৩০ জন উগ্ৰপন্থীয়ে উপত্যকাৰ বিভিন্ন স্থানত সৰু-বৰ আক্ৰমণ চলাইছে।
তালিবান বাহিনীয়ে জুনৰ শেষ ভাগত পাকিস্তানৰ সীমান্তৱৰ্তী আফগান প্ৰদেশসমূহ দখল কৰিছিল। আইবিৰ এজন বিষয়াই কৈছে যে তেতিয়াৰ পৰাই পাক অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষৰ উগ্ৰপন্থী শিবিৰত নতুন কাৰ্যকলাপ আৰম্ভ হৈছিল। এতিয়া পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত কমেও ৩০০ জন উগ্ৰপন্থীয়ে নিয়ন্ত্ৰণ ৰেখাৰ লঞ্চিং পেডত ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ অপেক্ষা কৰি আছে।
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত কাবুল জয় কৰাৰ পিছত আফগানিস্তান যুদ্ধত অংশগ্ৰহণ কৰা লস্কৰ-ই-তইবা, জৈশ-ই-মহম্মদৰ দৰে উগ্ৰপন্থী সংগঠনবোৰক পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদলৈ উভতি অহা দেখা গৈছে। তেওঁলোকে তাত অস্ত্ৰ সঞ্চালনেৰে বিজয় উদযাপন কৰিছে।
পাকিস্তানৰ বিভিন্ন মাধ্যমত তালিবানৰ সপক্ষে প্ৰচাৰ আৰম্ভ কৰা হৈছে। গতিকে ভাৰতৰ চোৰাংচোৱা সূত্ৰই আশংকা কৰিছে যে ইয়াৰ ফলত কাশ্মীৰৰ যুৱক-যুৱতীৰ জিহাদত অংশগ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আৰক্ষীৰ সূত্ৰই উল্লেখ কৰিছে যে কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও ৬০ জন যুৱক ইতিমধ্যে নিৰুদ্দেশ হৈছে। তেওঁলোকৰ গন্তব্য স্থান পাক উগ্ৰপন্থী প্ৰশিক্ষণ শিবিৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

Leave A Reply

Your email address will not be published.