ভাৰতত ৰামৰ নামেৰে ৩৬২৬ খন,সীতাৰ নামেৰে ৭৫ খন  , ৰাৱনৰ নামেৰে ৬ খন গাও আছে ৷ আৰু কাৰ নামত কিমান গাও ?

Share This Article

ভাৰতৰ গ্ৰামীন অঞ্চলসমূহত গাঁৱৰ নামাকৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাধান্য দিয়া হয় দেৱ – দেৱীৰ নামক ৷ ভগৱানৰ পাছতে গাঁৱৰ নামৰ ক্ষেত্ৰত পৌৰাণিক লোককথাৰ নায়কসকলৰ নামেৰে গাঁৱৰ নামাকৰণ কৰা হয় ৷কেৱল সেয়াই নহয় , ভাৰতৰ বহু গাঁৱৰ নাম চিনেমাৰ নামেৰেও ৰখা হৈছে ৷২০১১ ৰ লোকপিয়লৰ আধাৰত এই তথ্য পোহৰলৈ আহিছে ৷ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ জ্যেষ্ঠ সাংবাদিক শ্যামলাল যাদৱে ২০১১ চনৰ লোকপিয়লৰ আধাৰত মুঠ ৬ লাখ ৭৭ হাজাৰ গাঁৱৰ নামৰ ওপৰত অধ্যয়ন কৰিছিল ৷ এই অধ্যয়নত পোহৰলৈ অহা তথ্য মতে , ২০১১ চন পৰ্যন্ত ভাৰতৰ ৩,৬২৬ খন গাও ৰামৰ নামেৰে , ৩,৩০৯ গাও শ্ৰীকৃষ্ণৰ নামেৰে , ৪৪৬ খন গাও গণেশৰ নামেৰে , ৩৫ খন গাও গুৰুনানক চাহেবৰ নামেৰে নামাকৰণ কৰা হৈছে ৷

দেশত ৯২ খন গাওৰ নাম দিয়া হৈছে বংগৰ নামেৰে ৷ কিন্তু এই গাওসমূহৰ এখনো পশ্চিমবংগত নাই ৷মহাৰাষ্ট্ৰ , পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত আছে বংগৰ নামেৰে নামাকৰণ কৰা গাওসমূহ ৷ঢাকাৰ নামেৰে ২৮ খন গাও অৰু নেপালৰ নামেৰে ৪০ খন গাও ভাৰতত আছে ৷

পঞ্চপাণ্ডৱৰ নামেৰেও বহুত গাঁৱৰ নামাকৰণ কৰা হৈছে ৷ ১৮৭ খন গাও ভৰতৰ নামেৰে , ১৬০ খন গাও লক্ষ্মনৰ নামেৰে , ৭৫ খন গাও সীতাৰ নামেৰে আৰু হনুমানৰ নামেৰে  ৩৬৭ খন গাও আছে ৷ আনকি ৰাৱনৰ নামেৰেও ৬খন গাও ভাৰতত আছে ৷

মহাভাৰতৰ কাহিনীৰ পৰা যুধিষ্ঠিৰৰ নামেৰে কেৱল দুখন গাও আছে ৷ ভীমৰ নামত ৩৮৫ খন গাও আৰু অৰ্জুনৰ নামত ২৫৯ খন গাও আছে ৷

মহাত্মা গান্ধীৰ নামত ১১৭ খন , জৱাহৰলাল নেহৰুৰ নামত ৭২ খন আৰু ইন্দিৰা গান্ধীৰ নামতো ৩৬ খন গাও আছে ৷

গাঁৱৰ নামৰ ক্ষেত্ৰত চিনেমাসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷গব্বৰ সিঙৰ নামেৰে প্ৰভাৱিত গাওখন আছিল ৰামগঢ় ৷ এই নামেৰে দেশত ১৬৩ খন গাও আছে ৷ একেদৰে পিপলিৰ নামেৰে ২৭ খন গাও আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.