সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ৰামৰ নামেৰে ৩৬২৬ খন,সীতাৰ নামেৰে ৭৫ খন  , ৰাৱনৰ নামেৰে ৬ খন গাও আছে ৷ আৰু কাৰ নামত কিমান গাও ?

ভাৰতৰ গ্ৰামীন অঞ্চলসমূহত গাঁৱৰ নামাকৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাধান্য দিয়া হয় দেৱ – দেৱীৰ নামক ৷ ভগৱানৰ পাছতে গাঁৱৰ নামৰ ক্ষেত্ৰত পৌৰাণিক লোককথাৰ নায়কসকলৰ নামেৰে গাঁৱৰ নামাকৰণ কৰা হয় ৷কেৱল সেয়াই নহয় , ভাৰতৰ বহু গাঁৱৰ নাম চিনেমাৰ নামেৰেও ৰখা হৈছে ৷২০১১ ৰ লোকপিয়লৰ আধাৰত এই তথ্য পোহৰলৈ আহিছে ৷ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ জ্যেষ্ঠ সাংবাদিক শ্যামলাল যাদৱে ২০১১ চনৰ লোকপিয়লৰ আধাৰত মুঠ ৬ লাখ ৭৭ হাজাৰ গাঁৱৰ নামৰ ওপৰত অধ্যয়ন কৰিছিল ৷ এই অধ্যয়নত পোহৰলৈ অহা তথ্য মতে , ২০১১ চন পৰ্যন্ত ভাৰতৰ ৩,৬২৬ খন গাও ৰামৰ নামেৰে , ৩,৩০৯ গাও শ্ৰীকৃষ্ণৰ নামেৰে , ৪৪৬ খন গাও গণেশৰ নামেৰে , ৩৫ খন গাও গুৰুনানক চাহেবৰ নামেৰে নামাকৰণ কৰা হৈছে ৷

দেশত ৯২ খন গাওৰ নাম দিয়া হৈছে বংগৰ নামেৰে ৷ কিন্তু এই গাওসমূহৰ এখনো পশ্চিমবংগত নাই ৷মহাৰাষ্ট্ৰ , পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত আছে বংগৰ নামেৰে নামাকৰণ কৰা গাওসমূহ ৷ঢাকাৰ নামেৰে ২৮ খন গাও অৰু নেপালৰ নামেৰে ৪০ খন গাও ভাৰতত আছে ৷

- Donation -

পঞ্চপাণ্ডৱৰ নামেৰেও বহুত গাঁৱৰ নামাকৰণ কৰা হৈছে ৷ ১৮৭ খন গাও ভৰতৰ নামেৰে , ১৬০ খন গাও লক্ষ্মনৰ নামেৰে , ৭৫ খন গাও সীতাৰ নামেৰে আৰু হনুমানৰ নামেৰে  ৩৬৭ খন গাও আছে ৷ আনকি ৰাৱনৰ নামেৰেও ৬খন গাও ভাৰতত আছে ৷

মহাভাৰতৰ কাহিনীৰ পৰা যুধিষ্ঠিৰৰ নামেৰে কেৱল দুখন গাও আছে ৷ ভীমৰ নামত ৩৮৫ খন গাও আৰু অৰ্জুনৰ নামত ২৫৯ খন গাও আছে ৷

মহাত্মা গান্ধীৰ নামত ১১৭ খন , জৱাহৰলাল নেহৰুৰ নামত ৭২ খন আৰু ইন্দিৰা গান্ধীৰ নামতো ৩৬ খন গাও আছে ৷

গাঁৱৰ নামৰ ক্ষেত্ৰত চিনেমাসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷গব্বৰ সিঙৰ নামেৰে প্ৰভাৱিত গাওখন আছিল ৰামগঢ় ৷ এই নামেৰে দেশত ১৬৩ খন গাও আছে ৷ একেদৰে পিপলিৰ নামেৰে ২৭ খন গাও আছে ৷

 

Leave A Reply

Your email address will not be published.