সমুখ সমৰত হিমন্ত আৰু মমতাৰ তৃণমূল কংগ্ৰেছ! সলনি হ’ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত?

Share This Article

পশ্চিম বংগত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পিছত এইবাৰ ত্ৰিপুৰা কিম্বা অসমত ৰাজনৈতিক জাল পেলাবলৈ সাজু হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। চৰ্চা চলিছে যে দুই-এদিনৰ ভিতৰতে অসম ভ্ৰমণ কৰিব পাৰে মমতা বেনাৰ্জীয়ে। তাকে লৈ এতিয়া সমুখসমৰত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তৃণমূল কংগ্ৰেছৰ জেষ্ঠ নেতা সৌগত ৰয়।
মমতা বেনাৰ্জীৰ শিলিগুৰি ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীৰ সাম্ভাৱ্য অসম ভ্ৰমণক লৈ বংগৰ বজ্ৰ কন্যা গৰাকীক তীব্ৰ কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে – মমতা বেনাৰ্জী অসমলৈ আহিলে ৰঙা দলিচা পাৰি স্বাগতম জনোৱা হব। মমতা দিদিয়ে যিমানে অসম আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব সিমানে ই বিজেপিক লাভান্বিত কৰিব।কিয়নো ইয়াৰ ফলত কংগ্ৰেছ আৰু TMCৰ মাজত ভোট বিভাজিত হ’ব।
হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছ নেতৃত্ব। তৃণমূল কংগ্ৰেছৰ জেষ্ঠ নেতা সৌগত ৰয়ে ANIৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত কয় যে হিমন্ত বিশ্ব শৰ্মাই যি ক’লেও মই কোনো গুৰুত্ব নিদিওঁ। তেওঁ এজন দল বাডলু(পাৰ্টি হপাৰ)। সৰ্বানন্দ সোণোৱালৰ দৰে ভাল ব্যক্তি এগৰাকীক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে। একমাত্ৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ বাবেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছিল। তেওঁৰ চৰকাৰৰ দিনত মিজোৰাম সীমান্ত বিবাদত অসম আৰক্ষীৰ জোৱানৰ মৃত্যু হৈছে। ডিমাছা বিদ্ৰোহীয়ে নিৰ্দোষী ট্ৰাক চালকক হত্যা কৰিছে। অসমৰ পৰিস্থিতি গুৰুতৰ। তেওঁ পশ্চিম বংগৰ ওপৰত মন্তব্য দিব নালাগে। তাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজ্যৰ চোৱাচিতা কৰিব লাগে। TMC অসমলৈ যাব সেয়া এশ শতাংশই নিশ্চিত।
ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই TMCৰ অসম ভ্ৰমণে BJPক লাভান্বিত কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি ৰয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বুজাব বিচাৰিছে যে মমতা বেনাৰ্জীয়ে যদি অসমত অধিক ভোট লাভ কৰে ই বিজেপিক সহায় কৰিব। ই বাঙালী আৰু মুছলমান ভোট বেংক বিভাজিত কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আত্মসন্তুষ্টি লোৱাটো উচিত নহব। কাৰণ আমি অসমত সংখ্যালঘু ভোটো পাম আৰু বাঙালী ভোট তথা হিন্দু ভোটো পাম।
উল্লেখযোগ্য যে TMCয়ে ভৱিষ্যতে অসমত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী তৃণমূল কংগ্ৰেছ নেতৃত্ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.