এম্বুলেন্স ৰাজনীতি !

প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীত হঠাতে ক’ৰ পৰা আহে এম্বুলেন্স?ভোটৰ বাবে এম্বুলেন্সৰ ব্যৱহাৰ কেতিয়ালৈকে কৰিব বিজেপিয়ে?ৰোগীক কঢ়িয়াবৰ বাবে এম্বুলেন্সৰ ব্যৱহাৰ কৰা হয়।এই কথা আমি সকলোৱে জানো। কিন্তু এইবাৰ নিৰ্বাচনত ভোট লাভৰ বাবে এম্বুলেন্স ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী ৰেলীত পুনৰ আৱদ্ধ হ’ল এখন এম্বুলেন্স। তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ৰেলী ৰখাই এম্বুলেন্সখন যোৱাৰ সুবিধা কৰি দিয়ে। প্ৰধানমন্ত্ৰীৰ ৰেলীত তৃতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে। কিছুদিনৰ পূৰ্বে গুজৰাটতে দ্বিতীয়বাৰ সংঘটিত হৈ গৈছে এনে এক ঘটনা। কেৱল নিৰ্বাচনী প্ৰচাৰতে তৃতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে। অৰ্থাৎ তৃতীয়বাৰৰ বাবেও একেখন স্ক্ৰীপ্টততেই অভিনয় কৰিলে নৰেন্দ্ৰ মোডীয়ে, ইয়াৰ লগে লগে সংবাদ মাধ্যম আৰু বিজেপিৰ প্ৰবক্তাসকলে এই ঘটনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যাপক মহানুভৱতা আৰু সমাজ সেৱা ৰূপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছে।ইয়াৰ পিচতেই একাংশ সাংবাদিক আৰু বিজেপিৰ প্ৰবক্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুনানুকীৰ্তনেৰে ভৰাই পেলাইছে সামাজিক মাধ্যম। মানুহৰ ভিৰত আৱদ্ধ হৈ পৰা এখন এম্বুলেন্সক বাট এৰি দিয়াটো নিশ্চয় ভাল কথা আৰু তেনে কাম কৰাটো প্ৰধানমন্ত্ৰীৰ পৰা সাধাৰণ নাগৰিকলৈকে সকলোৰে কৰ্তব্য। কিন্ত সন্দেহটো তেতিয়াই হয় যেতিয়া একেটা ঘটনাৰে বাৰে বাৰে পুনৰাবৃত্তি ঘটে। প্ৰতিটো নিৰ্বাচনী ৰেলীতে এখন এম্বুলেন্সৰ আবিৰ্ভাৱ হোৱাটো এতিয়া সকলোৰে বাবে সন্দেহৰ বিষয়। আজটক চেনেলৰ এক বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ আলোক শৰ্মাই এক বিশেষ ভিডিঅ’ৰ কথা দাবী কৰে। তেওঁ দাবী কৰে যে মোডীৰ নিৰ্বাচনী ৰেলীৰ সময়ত এখন বিশেষ এম্বুলেন্স সাজু হৈ থাকে আৰু ৰেলীৰ মাজত সেই এম্বুলেন্সখনৰ আবিৰ্ভাৱ ঘটে।এয়া পূৰ্ব পৰিকল্পিত এক নাটক। এই দাবী আলোক শৰ্মাৰ। আলোক শৰ্মাৰ এই দাৱী নিশ্চিতভাৱে তদন্ত হ’ব লাগে।সাংবাদিক আহমেদ খবীৰে দাবী কৰিছে যে এই এম্বুলেন্সখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰচনা কৰা নাটকৰ অংশ নাছিল। সেইবাবে এই এম্বুলেন্সখনক যাবলৈ দিয়া নহ’ল আৰু এইদৰেই প্ৰধানমন্ত্ৰীৰ ৰেলীৰ সময়ত এই এম্বুলেন্সখন প্ৰায় ১৫ মিনিট সময় ধৰি ৰৈ থাকিবলগীয়া হ’ল। আহমেদ খবীৰৰ এই দাবীৰো নিশ্চয় তদন্ত হ’ব লাগে।এখন এম্বুলেন্সক যাবলৈ দিলে নিশ্চিতভাৱে আনখন এম্বুলেন্সকো যাবলৈ দিব লাগে। কিন্ত তাতোকৈ ডাঙৰ কথাটো হল যে বিজেপিয়ে যিধৰণেৰে নিৰ্বাচনী ৰেলীৰ সময়ত আবিৰ্ভাৱ হোৱা এম্বুলেন্সক যাবলৈ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোডীক মহান সজোৱাৰ চেষ্টা কৰিছে সেই সময়তে প্ৰশ্ন উত্থাপন হয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰপত্তাৰ দিশটো গম্ভীৰ ভাৱে লোৱা হৈছে নে? প্ৰধানমন্ত্ৰীৰ ৰেলীৰ মাজেৰে এখন এম্বুলেন্স পাৰ হৈ যাওঁতে এম্বুলেন্স খনৰ তালাচী লোৱা হৈছেনে যে সঁচাকৈ তাত ৰোগী আছেনে নে অন্য কিবা আছে? নিশ্চিতভাৱে তাৰো তালাচী হ’ব লাগে। যিকোনো এখন এম্বুলেন্স আহিব আৰু প্ৰধানমন্ত্ৰীৰ ৰেলীৰ মাজেৰে পাৰ হৈ যাব এয়া নিশ্চয় প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰতিও উদ্বেগজনক বিষয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296