আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব গুজৰাটত?

গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিন্ধান্ত ল’ব ৰাজ্যখনৰ জনতাই। আপ জয়ী হ’লে কোন হ’ব গুজৰাটৰ মুখ্যমন্ত্ৰী?অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক পচন্দ কৰাৰ দায়িত্ব দিছে গুজৰাটৰ জনতাক।এক সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে আজি এই অভিযানৰ শুভাৰম্ভ কৰে।“বৰ্তমান আপ চৰকাৰ ক্ষমতালৈ অহাৰ সপক্ষে বতাহ বলিছে।সেয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে জনতাই কাক বিচাৰে,আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ।আমি এটা যোগাযোগৰ নং আৰু এটা ইমেইল আই ডি দিছোঁ। তাত সকলোৱে নিজৰ পচন্দৰ মানুহৰ নাম উল্লেখ কৰিব”-এনেদৰে কয় কেজৰিৱালে।এই নম্বৰ আৰু ইমেইল অহা ৩ নবেম্বৰলৈ খোলা থাকিব আৰু ৪ নবেম্বৰত ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব। বিজেপিক সমালোচনা কৰি তেওঁ কয় বিজেপিয়ে ২৭ বছৰ শাসন কৰিলে কিন্তু ৰাজ্যখনৰ কি উন্নয়ন কৰিলে সেয়াহে ক’ব নোৱাৰে।“তেওঁলোকৰ প্ৰচাৰৰ মূল উদ্দেশ্য হৈছে আপক গালি পৰা আৰু কেজৰিৱালক গালি পৰা।তেওঁলোকে অহা ৫ বছৰত কি কৰিব তাৰ কোনো কথাই উল্লেখ নকৰে। নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ সমস্যাই জনতাক জ্বলাকলা খুৱাইছে আৰু জনতাই এতিয়া পৰিবৰ্তন বিচাৰিছে”- এনেদৰে কয় কেজৰিৱালে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296