সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পদত্যাগৰ পিছত হাইকামাণ্ড আৰু সতীৰ্থৰ বিৰুদ্ধে ক্ষোভ উজাৰি কি ক’লে নৱজ্যোত সিং সিদ্ধুয়ে?

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ নেতা নৱজ্যোত সিং সিদ্ধুয়ে। পদত্যাগৰ পিছত এটা ভিডিঅ’ টুইট কৰি সিদ্ধুয়ে কয় – মই শেষলৈকে সত্য আৰু অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিম। ভিডিঅটোত সিদ্ধুয়ে লগতে কয় যে-মৰমৰ পাঞ্জাৱী ভাই-বন্ধু সকল ১৭ বছৰীয়া ৰাজনৈতিক যাত্ৰা এটা উদ্দেশ্যৰেই আৰম্ভ কৰিছিলো। পঞ্জাৱৰ জনসাধাৰণৰ জীৱন উন্নত কৰাই মোক প্ৰধান লক্ষ্য। সেয়া মোৰ ধৰ্ম আৰু কৰ্তব্য। আজিলৈকে মোৰ কাৰো সৈতে ব্যক্তিগত কাজিয়া হোৱা নাই। মই সদায় অধিকাৰৰ বাবে যুঁজ দি আহিছো আৰু এই ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নাই। এইটোৱেই মোৰ দেউতাই-দুখ আহিলে সদায় সত্য আৰু নৈতিকতাৰ লগত অৱস্থান কৰিব লাগে। নৈতিকতাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নালাগে। সিদ্ধুয়ে লগতে অভিযোগ কৰিছে যে বহু আপোচবিহীন বিষয়ৰ সৈতে আপোচ কৰা হৈছে। সিদ্ধুয়ে কয়-মই দেখিছো অভিযুক্তক দলৰ দায়িত্ব দিয়া হৈছে। মই হাইকমাণ্ডক বিপথে পৰিচালিত কৰিবলৈ অনুমতি দিব নোৱাৰো। গুৰুজনৰ ন্যায়ৰ বাবে আৰু পঞ্জাৱৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু। আমি কলংকিত বিষয়া আৰু নেতাসকলৰ ৰাজত্ব শেষ কৰিছিলো। সেই নেতা আৰু বিষয়া সকলক ঘূৰাই আনি আমোলাতন্ত্ৰ চলাব পৰা নাযাব। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰো। দৰাচলতে সিদ্ধুয়ে এডভোকেট জেনেৰেলৰ নিযুক্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। এই ক্ষেত্ৰত সিদ্ধুৰ টাৰ্গেট অমৰ প্ৰীত সিং দেউল বুলি জানিব পৰা গৈছে। দেওলক দুদিন আগতে চান্নী চৰকাৰে পঞ্জাৱৰ এডভোকেট জেনেৰেল হিচাপে নিযুক্তি দিছিল

Leave A Reply

Your email address will not be published.