সুখবৰঃ তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চুটি ছবি “নীলা জোতা”

Share This Article

প্ৰায় ২টা বছৰ ধৰি ৰাজ্যৰ চিনেমাহল কিম্বা প্ৰেক্ষাগৃহ বন্ধ হৈ থকাৰ পিছত চৰম হতাশগ্ৰস্ততাই চানি ধৰিছিল শিল্পী সমাজক। কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ। জনপ্ৰিয় পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালিত চুটি ছবি নীলা জোতা তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে। 1st Himachal Film Festival, 4th South Asian Short Film Festival আৰু 11th Pune Short Film festivalৰ বাবে নমিনেচন লাভ কৰিছে নীলা জোতাই। এই খবৰ লাভ কৰাৰ পিছতে উৎসাহী হৈ পৰিছে নীলা জোতাৰ কলা-কৌশলী সকল। নীলা জোতাই আজুঁৰি আনক ৰাষ্ট্ৰীয় কিম্বা আন্তঃৰাষ্ট্ৰীয় সন্মান, এতিয়া তাকেই কামনা কৰিছে অসমীয়া জনগণে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.