Investigative reporting with dedication.

সাধাৰণতে অবৈধভাৱে যদি কোনো লোকে আন দেশৰ সীমা পাৰ কৰিব খোজে তেন্তে অনুপ্ৰৱেশকাৰী লোকজনৰ ওপৰত দেশখনে গোচৰ ৰুজু কৰিব পাৰে। জেইল হোৱাৰো সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত সৌভাগ্যশালী আছিল বাংলাদেশৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম পলিয়াৰা বেগম। ভিছা লাভ কৰিবলৈ সক্ষম নোহোৱাত বাংলাদেশৰ এইগৰাকী ৩৩ বছৰীয়া মহিলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়। কিন্তু সীমা পাৰ হৈ থকা সময়ত ভাৰতীয় সেনাই মহিলাগৰাকীক পাৰগনা জিলাৰ উত্তৰ সীমান্তত আটক কৰে। কিন্তু মহিলাগৰাকীৰ ওপৰত কোনো ধৰণৰ আইনী হেঁচা প্ৰয়োগ কৰাৰ সলনি সম্ভাষণ জনাই বাংলাদেশৰ সেনা বলক মহিলাগৰাকীক হস্তান্তৰ কৰে।
মহিলাগৰাকীয়ে BSF ক দিয়া মন্তব্য অনুসৰি তেওঁ জন্মগত ভাবে হৃদৰোগত আক্ৰান্ত। নিজৰ উন্নত চিকিৎসাৰ বাবে তেওঁ ভেল’ৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজৰ চিকিৎসকৰ সৈতে কথা পাতিছিল। আৰু সেই সংক্ৰান্ততেই তেওঁ ভাৰতলৈ আহিব বিচাৰিছিল। কিন্তু ভিছা লাভ নকৰাত তেওঁ অবৈধভাৱেই ভাৰতত প্ৰৱেশ কৰিব খুজিছিল বুলি মন্তব্য প্ৰকাশ কৰে বাংলাদেশী মহিলা গৰাকীয়ে।
মহিলাগৰাকীক বি এছ এফে নিজ দেশলৈ উভতাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাংলাদেশৰ সেনাৰ হাতত গতাই দিয়ে ৷




