হাৰিয়ানাত প্ৰতিবাদী কৃষকৰ মূৰ ফালিবলৈ কিয় নিৰ্দেশ দিলে উপায়ুক্তই ?

Share This Article

হাৰিয়ানাৰ কৰণালত বিজেপি নেতাক ৰখাবলৈ প্ৰতিবাদকাৰী কৃষকে টোল গেটত লগালে ট্ৰেফিক জাম ৷তেতিয়াই পথ মুকলি কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত লাঠীচালনা কৰে ৷এই ঘটনাত কেবাগৰাকীও কৃষক গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পাছতে আন এটা ভাইৰেল হোৱা ভিডিঅ’ই দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ দাবী কৰা হৈছে যে এই ভিডিঅ’টোত জিলা উপায়ুক্তগৰাকীয়ে প্ৰতিবাদী কৃষকৰ মূৰ ফালি দিবলৈ নিৰ্দেশ দিছে ৷কংগ্ৰেছ নেতা শ্ৰীনিবাস বী বীয়ে ভিডিওটো টুইট কৰিছে ৷

ভিডিওটোত বিষয়াগৰাকীয়ে এইদৰে কৈছে-‘যিয়ে আগলৈ আহে , তাৰ মূৰ ফালি দিয়া ৷কোনো পৰিস্থিতিতে সিহঁত লাইনতকৈ আগলৈ আহিব নালাগে ৷আমাৰ ওচৰত পৰ্যাপ্ত ফোৰ্চ আছে ৷ দুদিনৰ পৰা আমি ইয়াত ডিউটি কৰি আছো ৷ইয়াৰ পৰা আগলৈ এজনো মানুহ যাব নোৱাৰিব ৷যদি কোনোবা আগলৈ যায় , তেনেহ’লে তাৰ মূৰ ফালিব লাগিব ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.