কৃষি আইনৰ বিৰোধিতাৰে কি ক’লে ষ্টালিনে ?

Share This Article

দেশৰ সৰ্বত্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে ৰাজ্যিক বিধান সভাত কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন।

বিধানসভাত ভাষণ ৰাখি ষ্টালিনে কয় যে আইন কেইখন কৃষকৰ অধিকাৰৰ বিৰোধী। কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা নকৰাকৈ আইন কেইখন একপক্ষীয়ভাৱে গৃহীত কৰিছে। তেওঁ লগতে এই তিনিখন আইনে কৃষিৰ বিকাশ বা দেশৰ কৃষকসকলক সহায় নকৰে বুলিও মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰক দেশৰ কৃষি খণ্ড কৰ্পোৰেট গোষ্ঠীৰ হাতৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত এই আইন কেইখন বাতিল কৰিবলৈ আহ্বান জনাইছে।

ষ্টালিনে দাবী কৰে যে তামিলনাডুৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তেওঁৰ চৰকাৰে কৃষি খণ্ড আৰু কৃষকসকলৰ  জীৱিকা উন্নত কৰাৰ বাবে এক পৃথক কৃষি বাজেট উপস্থাপন কৰিছিল। তেও লগতে কয় যে কৃষকসকলে তেওলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে আমি আমাৰ দেশৰ বজাৰ সমূহ নিয়ন্ত্ৰণ কৰিছো। সেয়া নোহোৱা কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে এই আইন কেইখন আনিছে। ৰাজ্যসমূহৰ কোনো মতামত নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰে এই আইন কেইখন প্ৰস্তুত কৰিছে। এই কেইখন ফেডাৰেল চিষ্টেমৰ বিৰোধী আৰু সেয়েহে আমি এই আইনৰ বিৰোধিতা কৰিছো।

তদুপৰি কেন্দ্ৰই গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ সন্মান মাটিত মিহলাই ৰাজ্যসমূহৰ অধিকাৰ ভংগ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.