বিজেপিত ভাঙোণ : দুই বিধায়কৰ তৃণমূলৰে যোগাযোগ

Share This Article

পশ্চিমবংগ দখলৰ পাছত তৃণমূল কংগ্ৰেছৰ সক্ৰিয় হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতিত ৷ তাৰ লগে লগে ত্ৰিপুৰা বিজেপিত ভাঙোণ আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ আৰু দুজন বিজেপি বিধায়কে শেহতীয়াকৈ তৃণমূল নেতৃত্বক সাক্ষাৎ কৰা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে ৷

ত্ৰিপুৰাৰ বৰদৌলিৰ বিধায়ক আশীষ কুমাৰ সাহা আৰু সুৰমাৰ বিধায়কে শুকুৰবাৰে কলকাতালৈ গৈ তৃণমূল নেতৃত্বৰে এক গোপন বৈঠকত ভাগ লয় ৷ শণিবাৰে পুৱাই তেওলোক পুণৰ আগৰতলালৈ উভতি যায় ৷

ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ প্ৰাক্তণ উদ্যোগ মন্ত্ৰী তথা বিধায়ক সুদীপ ৰায়বৰ্মনেও তৃণমূল কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰিছিল ৷

২০২৩ চনৰ প্ৰথমভাগতে অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.