অসম মেঘালয় সীমান্তত পুনৰ উত্তেজনা

Share This Article

দেওবাৰে অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলাকাত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বকোৰ মালাঙৰ জয়পুৰত মেঘালয়ৰ একাংশ লোকে সংঘৰ্ষৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা বকোৰ জয়পুৰত উপস্থিত হোৱাৰ প্ৰকক্ষণত মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাৰ মঞ্চৰ বেনাৰ পোষ্টাৰ ভাঙি লণ্ড ভণ্ড কৰে এই লোকসকলে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় দুয়োখন ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ পাছত সভাত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। উল্লেখযোগ্য যে অসম মেঘালয় সীমা সমস্যা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই অতিশীঘ্ৰে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম বুলি জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.