শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

Share This Article

এলাহাবাদ উচ্চ ন্যায়ালয়ে শনিবাৰে ২০১৯ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদত উছতনি মূলক ভাষণ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামক জামিন প্ৰদান কৰে। উল্লেখযোগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ দয়াল সিঙে এই জামিন মঞ্জুৰ কৰে। ইমামৰ জামিনৰ ওপৰত এতিয়াও বিতঙকৈ কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই। জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শ্বাহিন বাগত কা বিৰোধী প্ৰতিবাদৰ অন্যতম সংগঠক শ্বাৰ্জিল ইমামক যোৱা বছৰ বিহাৰৰ জেহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ভাষণত ইমামে প্ৰতিবাদকাৰীসকলক ভাৰতৰ পৰা বিচ্ছিন্ন হ’বলৈ আহ্বান কৈছিল। তদুপৰি মণিপুৰ তথা অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়েও জেএনইউৰ ছাত্ৰ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। অৱশ্যে ইমামে অসম আৰু অৰুণাচল প্ৰদেশৰ গোচৰত জামিন লাভ কৰিছিল। শ্বাৰ্জিল ইমামৰ ওপৰত উছতনি মূলক ভাষণ দিয়াৰ অভিযোগ আছিল যাৰ ফলত ২০১৯ চনৰ ডিচেম্বৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এপ্ৰিলত দিল্লী আৰক্ষীয়ে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ আৰোপ কৰে। ইমামৰ ভাষণে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় অঞ্চলত দাঙ্গাৰ সৃষ্টি কৰা লোকসকলৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.