সেনাক অপমান কেজৰিৱালৰ !

গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদৰ সমৰ্থক বুলি অভিহিত কৰে।২০১৬ চনত পাকিস্তানত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ প্ৰমাণ বিচৰাৰ বাবে এনেদৰে কেজৰিৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী যোগীয়ে।“ নতুন দিল্লীৰ পৰা অহা আপৰ ‘নমুনা’ জন সন্ত্ৰাসবাদৰ সমৰ্থক৷তেওঁ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰে।তেওঁ আনকি পাকিস্তানৰ ওপৰত হোৱা আক্ৰমণৰো প্ৰমাণ বিচাৰিছিল৷সাহসী সৈন্য সকলৰ পৰা প্ৰমাণ বিচৰাটো উচিত নে?”- এনেদৰে মন্তব্য কৰে যোগী আদিত্যনাথে। “গুজৰাটৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় সান্ধ্যআইন আৰু সংঘৰ্ষ ইতিমধ্যে শেষ হৈছে৷এসময়ত ইয়াত দৈনিক এনে ঘটনা সংঘটিত হৈছিল”-এনেদৰে কয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।আমৰেলীত এক জনসভাত অংশ লৈ যোগীয়ে কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এখনো সভাত অংশ নোলোৱাটোৱে তেওঁলোকে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰাৰে প্ৰমাণ ।“ ভাতৃ-ভগ্নীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা আঁতৰি থকাটোৱে তেওঁলোকে পৰাজয় স্বীকাৰ কৰি লোৱাটোক বুজাইছে”- এনেদৰে কয় যোগী আদিত্যনাথে।”সংবিধান দিৱসত সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰক স্মৰণ কৰি কয় যে কংগ্ৰেছে আম্বেদকাৰ আৰু বল্লৱভাই পেটেলক অলপো সন্মান প্ৰদৰ্শন কৰা নাছিল।গুজৰাটৰ ক্ষমতাত অধিষ্ঠিত হৈ মোডীয়ে ৰাজ্যখনত শান্তি ঘূৰাই আনিছিল আৰু ভাৰতৰ ভূমিতো কোনো দিনে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া নাই তেওঁ”-পুনৰ এনেদৰে মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296