‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ

‘দিল্লী কা লড়কা’ নামৰ এটা ছিৰিজ মুকলি কৰিছে বিজেপিয়ে। ইয়াৰ উদ্দেশ্য আপৰ বিফলতা সমূহ পৌৰ নিৰ্বাচনৰ আগতে জনতাৰ সন্মুখত দাঙি ধৰা। পৌৰ নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগতে বিজেপিয়ে খুলিব খুজিছে আপৰ ‘মুখা’।

“ আপ চৰকাৰৰ ধন দি চলোৱা প্ৰচাৰ অভিযানৰ বিপৰীতে এই সৃষ্টিশীল কাৰ্টুনে বিজেপিয়ে কৰা উন্নয়নৰ কাম আৰু কেজৰিৱালৰ কেৱল ইছ্যু তৈয়াৰ কৰাৰ প্ৰৱণতাক ৰাইজৰ সন্মুখত স্পষ্ট কৰি দিব পাৰিব”- এনেদৰে কয় বিজেপিৰ প্ৰচাৰ সমিতিৰ দায়িত্বত থকা নেতা আশীষ সুদে। বিজেপিৰ দ্বাৰা নিৰ্মিত এই কাৰ্টুন ছিৰিজবোৰ বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব দলটোৱে।উল্লেখ্য যে অহা ৪ ডিচেম্বৰত দিল্লীৰ ২৫০ টা ৱাৰ্ডৰ বাবে পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296