দেশৰ আটাইতকৈ কনিষ্ঠ পাইলট গৰাকী কোন জানেনে ?

Share This Article

১১মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অন্তত গুজৰাটৰ চুৰাটৰ কৃষক কান্তি পেটেলৰ কন্যা ১৯ বছৰীয়া মৈত্ৰী পেটেলে বাণিজ্যিক বিমান চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৈত্ৰীয়ে শৈশৱৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কৃষক কন্যাৰ সপোনৰ উৰণৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। বাণিজ্যিক বিমানৰ প্ৰশিক্ষণৰ বাবে মৈত্ৰীয়ে আমেৰিকালৈ যাত্ৰা কৰিছিল। তেওঁৰ পিতৃ পেছাত এজন কৃষক আৰু চুৰাট পৌৰ নিগমৰ কৰ্মচাৰী। কৃষক পিতৃয়ে চৰকাৰী বেংকৰ পৰা ঋণ নোপোৱাৰ বাবে খেতি মাটি বিক্ৰী কৰি পূৰ কৰিলে কন্যাৰ সপোন। ।
বিমান চালনৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ আৰু পাইলট হ’বলৈ সাধাৰণতে ১৮ মাহ সময় লাগে। কিন্তু আশ্চৰ্যজনক ভাৱে নিজৰ দক্ষতাৰে মৈত্ৰেয়ীয়ে মাত্ৰ ১১ মাহত পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিলে আৰু পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.