Investigative reporting with dedication.

পূব আৰু উত্তৰ-পূব দিল্লীত ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ বাবে ১৪ হেক্টৰতকৈও অধিক বনভূমিত ৰোপণ কৰা ৫১০৪ জোপ গছ কাটি আন এটা স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিষয়াসকলৰ মতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লী-চাহাৰনপুৰ ঘাইপথৰ ১৪.৭৫ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে দিল্লী বন বিভাগৰ পৰা অনুমতি বিচাৰিছে। বন বিভাগৰ এজন বিষয়াই কয় যে অক্ষৰধাম ৰাষ্ট্ৰীয় ঘাইপথ-৯ জংচন আৰু দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ মাজত অৱস্থিত এই অংশত মুঠ ৫১০৪ জোপা গছ আছে। চৰকাৰৰ এই পৰিৱেশ বিৰোধী সিদ্ধান্তৰ পিছতে উদ্বিগ্ন হৈ পৰিছে দেশৰ প্ৰকৃতিপ্ৰেমী সকল।




