ভাৰতত মুছলমানৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছেঃ আছাদুদ্দিন ওৱেচি

Share This Article

ভাৰতত মুছলমানৰ অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতা আছাদুদ্দিন ওৱেচিয়ে। ওৱেচিয়ে কয় যে-ভাৰতত মুছলমান সকলৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছে। নিৰ্বাচন আহিলেই নেতা সকলে মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ বেণ্ড বজাবলৈ বাধ্য কৰে। দৰাই বিয়া কৰাবলৈ যাঁওতে বেণ্ড পাৰ্টীটোক লগত লৈ যায় কিন্তু কইনাঘৰ পোৱাৰ লগে লগে বেণ্ড পাৰ্টীটোক কোৱা হয় যে ইয়াত আৰু বেণ্ড পাৰ্টীৰ কোনো কাম নাই। গতিকে ৰভাৰ কোনো এটা চুকত পাৰ্টীটোক বহুৱাই থৈ দিয়া হব। এয়াই বৰ্তমান দেশত মুছলমানৰ অৱস্থা।
আছাদুদ্দিন ওৱেচিৰ এই মন্তব্যই দেশৰ সংখ্যালঘু জনগণক যথেষ্ট প্ৰভাৱিত কৰিছে। নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ সাজু হৈছে জনতা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.