সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত বন্ধঃ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁট – ব্যাহত ৰেল সেৱা

তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক চৰকাৰে যিমানেই অগ্ৰাহ্য কৰিবলৈ বিচাৰিছে আন্দোলন সিমানেই তীব্ৰতৰ হৈছে। নিজৰ স্থিতি লৰ-চৰ কৰিবলৈ সাজু নহয় দেশৰ কৃষক সমাজ। সেই উদ্দেশ্যেই আজি দেশৰ সৰ্বত্ৰ কৃষক সকলে আহ্বান জনাইছিল ভাৰত বন্ধৰ। ৪০ টাতকৈও অধিক ফাৰ্ম ইউনিয়নে আজি প্ৰতিবাদৰ নেতৃত্ব দি আছে। প্ৰতিবাদকাৰী সকলে কয় যে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশত যান-বাহন চলাচল কৰিবলৈ অনুমতি নিদিব। কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰা ১০ মাহ হ’ল। কৃষক নেতা মহেন্দ্ৰ সিং টিকাইটে কয় যে কৃষকসকলে ১০ বছৰ ধৰি আন্দোলন কৰিব কিন্তু এই ক’লা আইন কাৰ্যকৰী হ’বলৈ নিদিয়ে। কৃষকৰ ভাৰত বন্ধ আৰম্ভ হোৱাৰ লগে লগে দিল্লী যান-বাহন আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা গাজীপুৰলৈ যাতায়ত বন্ধ কৰি দিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ শ্বাহবাদত থকা দিল্লী-অমৃতসৰ ৰাষ্ট্ৰীয় ঘাইপথটোও বন্ধ কৰি দিয়া হৈছে। ৰেল সেৱাও ব্যাহত হৈছে। উত্তৰ ৰেলৱে কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি দিল্লী আম্বালা আৰু ফিৰোজপুৰত ৰে’লৰ কাম-কাজ প্ৰভাৱিত হৈছে কিয়নো প্ৰতিবাদকাৰী সকল ৰে’লপথত বহি আছে। দিল্লীত ২০তকৈ অধিক ঠাইত যানযঁট হৈ আছে। আম্বালা আৰু ফিৰোজপুৰত প্ৰায় ২৫ খন ৰেল প্ৰভাৱিত হৈছে। পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তও আবেলি ৪ বজালৈকে বন্ধ ৰখা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) অধীনত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সোমবাৰে দেশজুৰি কৃষকসকলে আহ্বান কৰা ১০ ঘণ্টীয়া ধৰ্মঘটক কেইবাটাও NDA বিৰোধী দলে সমৰ্থন জনাইছে। সংগঠনটোৱে দেওবাৰে বন্ধৰ সময়ত সম্পূৰ্ণ শান্তিৰ আহ্বান কৰিছিল আৰু সকলো ভাৰতীয়ক ধৰ্মঘটত যোগদান কৰিবলৈ আহ্বান জনাইছিল। সংযুক্ত কিষাণ মৰ্চাই বিগত বছৰত ৰাষ্ট্ৰপতিয়ে তিনিখনকৈ কৃষি আইন অনুমোদন দিয়াই পিছৰে পৰা প্ৰতিবাদ কৰি আহিছে। অৰ্থাৎ কৃষকৰ প্ৰতিবাদৰ প্ৰায় এটা বছৰ সম্পূৰ্ণ হল।

Leave A Reply

Your email address will not be published.