Investigative reporting with dedication.

ভাৰত আৰু চীনৰ সংঘাত কোনো নতুন কথা নহয়। কিন্তু লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। চীন-ভাৰত সীমান্তত বাঢ়িছে উত্তেজনা। চীনে পূব সীমান্তত মোতায়েন কৰিছে প্ৰায় ৫০ হাজাৰ সেনা। গোগৰা হাইটচ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা ড্ৰোনেৰে নিৰীক্ষণ কৰি আছে চীনা সৈন্যই। দৌলত বেগ অল্ডি চেক্টৰত উৰিছে চীনা ড্ৰোন। চীনে ভাৰতলৈ লক্ষ্য কৰি সাজু কৰি ৰাখিছে কামান আৰু যুদ্ধ বিমান। সেয়েহে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ITBP আৰু SSBক সতৰ্ক হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। অৱশ্যে কিহৰ বাবে চীনে এনেদৰে যুদ্ধংদেহি স্থিতি লৈছে সেয়াহে স্পষ্ট হোৱা নাই।




