কংগ্ৰছত কন্দল : হাইকামাণ্ড কাৰ লগত ?

Share This Article

কংগ্ৰেছত আকৌ মহাকন্দল ৷ পঞ্জাৱ কংগ্ৰেছত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজৰ কাজিয়াই চৰম ৰূপ লোৱাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ তত্বাবধায়ক হৰিশ ৰাৱটে কয় যে নৱোজিৎ সিঙ সিদ্ধুৰ উপদেষ্টাসকলৰ মন্তব্যৰ লগত দলৰ কোনো সম্পৰ্ক নাই ৷ বৰং তেওলোকৰ মন্তব্যৰ কংগ্ৰেছ দল তীব্ৰ বিৰোধী ৷ সিদ্ধুয়ে উপদেষ্টাসকলক ত্যাগ কৰক ৷ অন্যথা দলে নিৰ্দেশ দিবলৈ বাধ্য হ’ব ৷কাৰণ , দলৰ অনুমোদন সাপেক্ষে এইসকল উপদেষ্টাক নিয়োগ কৰা হোৱা নাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পোৱাৰ পাছতে নৱোজিৎ সিঙ সিদ্ধুয়ে চাৰিজন উপদেষ্টা নিয়োগ কৰিছিল ৷ তেওলোকৰ ভিতৰত আছে মালবিন্দৰ সিঙ মালী আৰু প্যাৰে লাল গাৰ্গ ৷ মালীয়ে শেহতীয়াকৈ কাশ্মীৰ কাশ্মীৰীসকলৰ দেশ বুলি এটা মন্তব্য কৰিছিল ৷ তাৰ পাছতে এই মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷

সিদ্ধুৰ উপদেষ্টাৰ মন্তব্যই কংগ্ৰেছ হাইকামাণ্ডকো তীব্ৰ অস্বত্বিত পেলাইছে ৷ইয়াৰে আলম লৈ হৰিশ ৰাৱটে সিদ্ধুক দিয়া সকীয়ণিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে দলৰ নেতৃত্ব মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পক্ষত আছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.