শাসকীয় দলৰ হৈ কাম কৰা আৰক্ষী বিষয়াক কি সকীয়ণি দিলে উচ্চতম ন্যায়ালয়ে?

Share This Article

ছত্তীশগড়ৰ নিলম্বিত অতিৰিক্ত সঞ্চালক প্ৰধান গুৰজিন্দৰ পাল সিঙে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য। ন্যায়ালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে দেশত আৰক্ষী বিষয়াসকলে শাসকীয় দলৰ পক্ষ লৈ কাম কৰাৰ এক অশুভ পৰম্পৰা আৰম্ভ হৈছে। আনকি মুখ্য ন্যায়াধীশ এন ভি ৰমন নেতৃত্বাধীন এখন বিচাৰপীঠে চৰকাৰৰ পক্ষ লোৱা আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে আৰু বিৰোধী শক্তিক হাৰাশাস্তি কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। ঠিক একেদৰে তাৰ পিছত বিৰোধী পক্ষ ক্ষমতালৈ আহিলে আকৌ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰৱণতাও দেশত আছে।
আদালতে ৰাজদ্ৰোহ আৰু অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰ সন্দৰ্ভত ছত্তীশগড়ৰ নিলম্বিত অতিৰিক্ত সঞ্চালক প্ৰধান গুৰজিন্দৰ পাল সিঙক চাৰি সপ্তাহৰ বাবে গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.