আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাবঃ উৰিষ্যাত জাৰি কৰা হৈছে হাই-এলাৰ্ট

Share This Article

সাৱধান! আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাব। বংগোপ সাগৰতসৃষ্ট নিম্ন চাপৰ পৰিপ্রেক্ষিতত সামুদ্রিক ঘূর্ণী গুলাবৰ সম্ভাৱনাক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰাৰ পাছতে উৰিষ্যাৰ উপকূলীয় সাতখন জিলাত হাই এলার্ট ঘোষণা কৰা হৈছে৷ সামুদ্রিক ঘূৰ্ণী গুলাবে উৰিষ্যাৰ সাতখন জিলা অতিক্রম কৰি চুবুৰীয়া ৰাজ্য অন্ধ্রপ্রদেশলৈ ঢাপলি মেলিব৷ ঘূর্ণী গুলাবৰ তাণ্ডৱত ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পৰা ইতিমধ্যে বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ উৰিষ্যাৰ DARFৰ ৪২টা দল মোতায়েন কৰাৰ লগতে NDRFৰ ২৪টা দল সম্ভাব্য অঞ্চলত মোতায়েন কৰা হৈছে৷ ৰাজ্যখনৰ সাতখন জিলা গজপতি, গণজাম, ৰায়াগৰা, কোৰাপোট, মলকানগিৰি, নৱৰংপুৰ আৰু কান্ধমালত ODRAF, NDRF আৰু অগ্নি নির্বাপক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷ উল্লেখযোগ্য যে গণজাম জিলাত সর্বাধিক প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে ঘুৰ্ণী বতাহক সম্পূৰ্ণ সষ্টম হৈ আছে কেন্দ্ৰীয় চৰকাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.