উচ্চতম ন্যায়ালয়ৰ অনুমোদন অবিহনে মেডিকেল কলেজত আসন সংৰক্ষণ কৰিব নোৱাৰিব চৰকাৰে

Share This Article

বিগত বৰ্ষৰ ২৯ জুলাইত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা দেশৰ চিকিৎসা আৰু দাঁতৰ পাঠ্যক্ৰমত অবিচিৰ বাবে ২৭% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী বাবে ১০% সংৰক্ষণৰ ব্যৱস্থা কৰা হব। সৰ্বভাৰতীয় কোটা আঁচনিৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত এই শ্ৰেণীসমূহৰ বাবে আসন সংৰক্ষণ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সম্পৰ্কে মন্তব্য প্ৰদান কৰি কৈছে যে উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে এনে ক্ষেত্ৰত পৃথক সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰিব নোৱাৰি। ন্যায়ালয়ে ইতিমধ্যেই চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ জাৰী কৰি কয় যে কোনো ক্ষেত্ৰতে ৫০ শতাংশতকৈ অধিক আসন সংৰক্ষণ কৰিব নোৱাৰি বুলি স্পষ্টকৈ ঘোষণা কৰিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ ১০ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ আগতে উচ্চতম ন্যায়ালয়ৰ অনুমতি ল’ব লাগিব।
তামিলনাডুৰ ডিএমকে দলে ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত দলটোৱে দাবী কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত চিকিৎসা আৰু দাঁতৰ পাঠ্যক্ৰমত সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সক্ষম নহ’ল। লগতে দলটোৱে কেন্দ্ৰীয় চৰকাৰক দেশৰ চিকিৎসা ক্ষেত্ৰৰ সৰ্বমুঠ আসনৰ ৫০ শতাংশ আসন অবিচি সম্প্ৰদায়ৰ বাবে সংৰক্ষণ কৰাৰ অনুমতি দিবলৈ ন্যায়ালয়ক আহ্বান জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.