লালু-নীতিশ -ছোনিয়া গান্ধীৰ বৈঠক দিল্লীত

Share This Article

লালু-নীতিশ -ছোনিয়া গান্ধীৰ বৈঠক দিল্লীত

বিজেপিৰ বাবে মূৰৰ কামোৰণি এই বৈঠক
ঐক্যবদ্ধ বিৰোধীৰ কৌশল প্ৰস্তুত কৰিব ত্ৰিমূৰ্ত্তিয়ে
বিজপিক পুলিয়ে পোখাই উভলাৰ লক্ষ্য

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দেওবাৰে সাক্ষাৎ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডি নেতা লালু প্ৰসাদ যাদৱে৷
আগন্তুক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত ছোনিয়া গান্ধীক কৰিবলগীয়া এই সাক্ষাতে যথেষ্ট তাৎপৰ্য বহন কৰিছে৷

“ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু মই আজি সন্ধিয়া ৬ বজাত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিম৷আমি বিৰোধী শিবিৰক একত্ৰিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ”- এনেদৰে কয় আৰজেডি নেতা লালু প্ৰসাদ যাদৱে৷
“বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱাই আমাৰ প্ৰধান লক্ষ্য৷এই লক্ষ্যৰ কথা মই আৰু কিমান ক’ম?”-এনেদৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰ কথা সুধি থকা সাংবাদিকক মন্তব্য দিয়ে লালু প্ৰসাদ যাদৱে৷

ইতিমধ্যে দিল্লীত উপস্থিত হোৱা লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিল্লীৰ ফতেহপুৰ জিলাত ইণ্ডিয়ান নেশ্যনেল লোকদলৰ প্ৰতিষ্ঠাতা চৌধুৰী দেৱীলালৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত এক শোভাযাত্ৰাতো অংশ গ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে ইয়াৰ দুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ পূৰ্ণিয়াৰ এক শোভাযাত্ৰাৰ কাৰ্যসূচীত ভাগ লৈ নীতিশ কুমাৰ আৰু আৰজেডিক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ৷

“ কেৱল প্ৰধানমন্ত্ৰী হোৱাৰ মোহত বন্দী নীতিশ কুমাৰে বিজেপিক বিশ্বাসঘাটকতা কৰিলে৷নীতিশ কুমাৰৰ নিজৰ কোনো আদৰ্শ নাই৷বিজেপি দলে গৰিষ্ঠসংখ্যক আসন লৈ বিহাৰত চৰকাৰ গঠন কৰিব”- শোভাযাত্ৰাত অংশ লৈ এনেদৰে মন্তব্য কৰে অমিত শ্বাহে৷

উল্লেখ্য যে বিগত আগষ্ট মাহত নীতিশ কুমাৰে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ পৰা আঁতৰি আহি লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ লগত লগ লাগি পুনৰ চৰকাৰ গঠন কৰে বিহাৰত৷

চলিত মাহৰ প্ৰথম ভাগত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী,আপ নেতা অৰবিন্দ কেজৰিৱাল,সমাজবাদী পাৰ্টিৰ নেতা মুলায়েম সিং যাদৱ আৰু অখিলেশ যাদৱ,কমিউনিষ্ট পাৰ্টি মাৰ্ক্সিষ্টৰ নেতা সীতাৰাম য়েচুৰীকো সাক্ষাৎ কৰি বিৰোধীৰ মহাজোঁটবন্ধনৰ বিষয়ে আলোচনা কৰিছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.