সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মোডীৰ মিছা কথা আৰু কিমান শুনিব?’

ভাৰতীয় জনতা পাৰ্টিয়ে বিগত ২৭ বছৰীয়া শাসনৰ পিছত গুজৰাটত সন্মুখীন হৈছে ভয়ংকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ।কিন্তু ইমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পিছতো কংগ্ৰেছ বা আন বিৰোধী দলে ল’ব পৰা নাই সুবিধা।তৃতীয় বিকল্প সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰসিং বাঘেলাই কংগ্ৰেছ অথবা আপ কোনোটো দলেই বিজেপিৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সুবিধা ল’ব পৰা নাই বুলি উল্লেখ কৰে। ১৯৯৬ চনতে ৪০ গৰাকী বিজেপি বিধায়কৰ সমৰ্থন লৈ ১ বছৰ ৪ দিনৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল বাঘেলা।কেন্দ্ৰত ইউপিএৰ শাসনৰ সময়ত বাঘেলা আছিল কেন্দ্ৰীয় মন্ত্ৰী।২০১৯ চনত তেওঁ এনচিপিত যোগদান কৰিছিল যদিও প্ৰায় এটা বছৰ পিছত তেওঁ শাৰদ পাৱাৰৰ লগত সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছিল।বাঘেলাৰ মতে কংগ্ৰেছ দলৰ বৰ্তমানৰ বিধানসভাৰ বাবে চলোৱা প্ৰস্তুতি পৰীক্ষাৰ আগদিনা আগতে নপঢ়া ছাত্ৰই চলোৱা প্ৰস্তুতিৰ দৰে হৈছে।
“কংগ্ৰেছে মানুহৰ লগত সম্পৰ্ক হেৰুৱাইছে,সেয়ে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছে”- এনেদৰে কয় বাঘেলাই।প্ৰধানমন্ত্ৰী মোডীৰ আছে এটা ‘নতুন শৈলী’ যিটো শৈলীৰ জৰিয়তে বিৰোধীক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ জড়িত হৈ আছে।বাঘেলাৰ মতে ,বিৰোধী শেষ কৰাটোৱেই মোডীৰ প্ৰধান উদ্দেশ্য। “ এইটো নহয় যে বিজেপিয়ে ৰামৰাজ্যৰ দৰে পৰিৱেশ দিছে৷বিগত ২৫ বছৰত ভাল কাম কৰা হ’লে প্ৰতিটো অঞ্চলত এনেকৈ গলিয়ে গলিয়ে ভোট বিচাৰি ফুৰিব নালাগিলহেঁতেন বিজেপিয়ে৷ইয়াৰ পৰা এইটোৱেই প্ৰমাণ হয় যে বিগত ২৭ বছৰত তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰখা নাই৷গুজৰাটত বিৰোধী দুৰ্বল।সেয়ে বিজেপিক সবল যেন লাগিছে।”
“বিজেপি কিয় পশ্চিম বংগ,অন্ধ্ৰপ্ৰদেশ,তেলেংগানা আৰু তামিলনাডুত ক্ষমতাত নাই তাৰ কাৰণ হ’ল বিজেপি বিৰোধী এক পৰিৱেশ গঢ়ি উঠিছে৷কিন্তু কোনো দলেই তাক আৱেগ ভোটলৈ পৰিবৰ্তন কৰিব পৰা নাই”-এনেদৰে মন্তব্য কৰে বাঘেলাই।বাঘেলাই পুনৰ কয় “বিজেপি নেতাবোৰে ভাৱে যে তেওঁলোকক সকলোৱে ভাল পায়৷তেন্তে তোমালোকে এই লেতেৰা ৰাজনীতি কিয় কৰিছা?দেশৰ সৰহসংখ্যক জনতাই বিজেপিক লৈ সুখী নহয়৷প্ৰধানমন্ত্ৰীয়ে নিজৰ পৰমৰ্যাদা লাঘৱ কৰিছে।গৃহমন্ত্ৰী গৰাকী কেৱল ষড়যন্ত্ৰতে ব্যস্ত থাকে৷এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়৷মিছলীয়া প্ৰধানমন্ত্ৰীক কোনে বাৰে বাৰে বিশ্বাস কৰিব?”

Leave A Reply

Your email address will not be published.