মুছলমান হোৱাৰ বাবেই অপমান কৰা হৈছে মহম্মদ শ্বামীকঃ আছাদুদ্দিন ওৱেচি

Share This Article

পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেটচত পৰাজিত হোৱাৰ পিছত এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। তাৰ মাজতে ছছিয়েল মিডিয়াত ডিজিটেল আক্ৰমণৰ বলি হৈছে পাকিস্তানৰ বিৰুদ্ধে অন্তিমটো অভাৰত বল কৰি থকা ভাৰতীয় পেচাৰ মহম্মদ শ্বামী। মহম্মদ শ্বামীক কৰা অপমানৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে আছাদুদ্দিন ওৱেচি। এটা দলত ১১ গৰাকী খেলুৱৈ থাকে কিন্তু ইয়াৰ মাজত এগৰাকী খেলুৱৈ মুচলমান হোৱাৰ বাবেই কিয় টাৰ্গেট কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিতৰ্কিত ৰাজনীতিবিদ গৰাকীয়ে। ওৱেচিয়ে লগতে কয় যে খেলত হৰা- জিকা থাকেই। ইয়াৰ মাজত মহম্মদ শ্বামীক টাৰ্গেট কৰি লোৱাটোৱে কি সূচায়? ই মুচলমানৰ প্ৰতি থকা ঘৃণাৰ কথাই সূচায়। সাম্প্ৰদায়িকতা দেশত কিমান বাঢ়িছে ই তাকে প্ৰদান কৰিছে। মুচলমানৰ বিৰুদ্ধে থকা ঘৃণাৰ বাবেই টাৰ্গেট কৰা হৈছে মহম্মদ শ্বামীক। ইয়াৰ লগতে বিজেপি চৰকাৰে এই ঘটনাক গৰিহণা নিদিয়ে কিয় বুলিও ক্ষোভ প্ৰকাশ কৰিছে আছাদুদ্দিন ওৱেচিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.