Investigative reporting with dedication.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ঘোষণা অনুসৰি তেখেতৰ হাতত থকা মুঠ সম্পত্তিৰ মূল্য হৈছে ৩.০৭ কোটি। বিগত বছৰত মোডীৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ২.৮৫ কোটি। অৰ্থাৎ চৰকাৰী তথ্য অনুসৰি বিগত এটা বছৰত প্ৰধানমন্ত্ৰী গৰাকীৰ সম্পত্তিৰ মূল্য প্ৰায় ২২ লাখ টকা বৃদ্ধি হৈছে।
প্ৰধানমন্ত্ৰী মোডীৰ কোনো শ্বেয়াৰ বজাৰৰ এক্সপোজাৰ নাই। মোডীৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (৮.৯ লাখ) জীৱন বীমা আঁচনি (১.৫ লাখ) আৰু L&T আন্তঃগাঁথনি বণ্ডৰ ৰূপত বিনিয়োগ কৰা আছে। উল্লেখ্য যে মোডীয়ে L&T ২০০০০ টকাৰ বিনিময়ত ২০১২ চনত ক্ৰয় কৰিছিল।




