এখন ৰাজ্যৰ আৰক্ষীয়ে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব পাৰেনে?

Share This Article

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে। আৰক্ষীয়ে ৰাণেক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ দেশতেই সৃষ্টি হৈছিল কৌতুহল আৰু বিতৰ্কৰ।
বিগত দুটা দশকত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হল এজন কেন্দ্ৰীয় মন্ত্ৰী। কিন্তু এখন ৰাজ্যৰ আৰক্ষীয়ে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব পাৰেনে?
বিগত ২৪ আগষ্টত ইণ্ডিয়ান এক্সপ্ৰেছে মন্ত্ৰীক গ্ৰেপ্তাৰৰ প্ৰাসঙ্গিক নিয়ম সম্পৰ্কে এক তথ্যমূলক প্ৰতিবেদন প্ৰকাশ কৰিছিল। উল্লেখ্য যে ৰাণে হৈছে এগৰাকী ৰাজ্যসভাৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী। নিয়ম অনুসৰি সংসদৰ অধিৱেশন চলি নাথাকিলে আৰক্ষীৰ দৰে সংস্থাই অপৰাধমূলক গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিব পাৰে।
কিন্তু ৰাজ্যসভাৰ নিয়মৰ ধাৰা 22A-ৰ মতে আৰক্ষী, ন্যায়াধীশ বা দণ্ডাধীশে ৰাজ্যসভাৰ অধ্যক্ষক সদস্য গৰাকীৰ গ্ৰেপ্তাৰৰ কাৰণ সম্পৰ্কে অৱগত কৰিব লাগে। তাৰ পিছত যদি ৰাজ্যসভা চলি থাকে তেন্তে অধ্যক্ষই গ্ৰেপ্তাৰৰ তথ্য সদনৰ সৈতে ভাগ বতৰা কৰে আৰু যদি সদনে চলি নাথাকে তেন্তে এই তথ্য ৰাজ্যসভাৰ বুলেটিনত প্ৰকাশ কৰা হয়।
সাংসদসকলৰ বিশেষাধিকাৰ আছে। বহু ক্ষেত্ৰত সাংসদ সকলক গ্ৰেপ্তাৰৰ পৰাও ৰেহাই দিয়া হৈছে। এই সুবিধা সাংসদ সকলে অধিৱেশনৰ ৪০ দিন আগৰ পৰা আৰম্ভ হৈ অধিৱেশন শেষ হোৱাৰ ৪০ পিছলৈকে গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ এই সময়ছোৱাত সাংসদ সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। অৱশ্যে এই ৰেহাই কেৱল অসামৰিক ক্ষেত্ৰতহে প্ৰযোজ্য। এই ৰেহাই অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত উপলব্ধ নহয়।
কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰৰ বাবে নাছিক আৰক্ষীয়েও চলাইছিল প্ৰস্তুতি। নাছিক আৰক্ষীৰ আয়ুক্ত দীপ পাণ্ডে সংবাদমেলত ঘোষণা কৰিছিল যে ৰাণেক গ্ৰেপ্তাৰ কৰা হ’ব আৰু আদালতত হাজিৰ কৰোৱা হ’ব। গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুক চৰকাৰী তথ্য দিয়া হ’ব কিয়নো ৰাণে এগৰাকী ৰাজ্যসভাৰ সাংসদ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.