কংগ্ৰেছত কন্দল : চট্টিছগড়ৰ পাছত পঞ্জাৱতো বিদ্ৰোহ

Share This Article

বঙহৰ যুঁজত নামিছে সমগ্ৰ কংগ্ৰেছ দল ৷চট্টিছগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু টি এছ সিঙ দেউৰ মাজত মুখ্যমন্ত্ৰিত্বক লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ৷ মঙলবাৰে ৰাহুল গান্ধীয়ে এই বিবাদ নিষ্পত্তিৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হ’ল ৷ তাৰ মাজত আকৌ উক দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰিত্ব কেন্দ্ৰিক বিবাদে ৷কিছুদিন পূৰ্বে হাইকামাণ্ডৰ হস্তক্ষেপত এই বিবাদ সাময়ৈকভাৱে শাম কাটিছিল যদিও মঙলবাৰে পুণৰ ৩০ গৰাকী কংগ্ৰেছী বিধায়কে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে ৷ তেওলোকে অমৰিন্দৰ সিঙক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ দাবী উত্থাপণ কৰিছে ৷

কেবিনেট মন্ত্ৰী তৃপ্ত ৰাজেন্দৰ বাজৱাৰ বাসগৃহত মঙলবাৰে অসন্তুষ্ট বিধায়কসকল এক বৈঠকত মিলিত হয় ৷কেবাগৰাকীও মন্ত্ৰী উপস্থিত থকা বৈঠকৰ পাছত বাজৱাই সংবাদ মাধ্যমৰ আগত কয় যে অমৰিন্দৰ সিঙে কংগ্ৰেছ দলটোক ভাগ ভাগ কৰিব বিচাৰিছে ৷তেওক মুখ্যমন্ত্ৰী পদৰ পৰা শীঘ্ৰে আঁতৰাব লাগে ৷ নহ’লে কংগ্ৰেছ জীয়াই নাথাকিব ৷

বিদ্ৰোহী বিধায়কসকল নৱজিৎ সিং সিদ্ধুৰ সমৰ্থনত থিয় হৈছে ৷ ২০২২ চনত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে কংগ্ৰেছ দল আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.