শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’বঃ মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবল

Share This Article

আৰয়ান খান ড্ৰাগছ গোচৰক কেন্দ্ৰ কৰি বিজেপিক সমালোচনা কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবলে। ছগন ভুজবলে বিজেপিক সমালোচনা কৰি কয় যে যদি বলীউডৰ বাদশ্বাহ তথা অভিনেতা শ্বাহৰুখ খানে গেৰুৱা দলত (বিজেপি) যোগদান কৰে তেন্তে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’ব। ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। উল্লেখ্য যে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে। তদুপৰি গুজৰাটৰ মুন্দ্ৰা বন্দৰত ড্ৰাগছৰ এটা বৃহৎ সামগ্ৰী জব্দ কৰা হৈছিল। কিন্তু এই গোচৰটোৰ তদন্ত কৰাৰ পৰিৱৰ্তে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো নামৰ কেন্দ্ৰীয় সংস্থাটোৱে শ্বাহৰুখ খানক খেদি ফুৰা বুলি অভিযোগ কৰিছে ভুজবলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.