সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?

দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব পাৰে টয় ট্রেইন, মেট্রো ট্ৰেইন আদিৰ দৰে দেশৰ আপুৰুগীয়া ৰাজহুৱা সম্পদ।
সম্পদৰ ব্যক্তিগতকৰণ সম্পৰ্কে আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা কৰিব নেশ্যনেল মনিটাইজেশ্বন পাইপলাইন শীৰ্ষক এক বিশেষ পৰিকল্পনা। অহা চাৰি বছৰত কি কি খণ্ডৰ সম্পত্তি ব্যক্তিগত কোম্পানীবোৰক ব্যৱহাৰৰ বাবে অনুমতি দিয়া হব তাৰ বণৰ্না ডাঙি ধৰিব নিৰ্মলা সীতাৰমণে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়া কিম্বা ভাৰত পেট্ৰ’লিয়ামৰ দৰে চৰকাৰী মালিকানাধীন কোম্পানীসমূহৰ ব্যক্তিগতকৰণৰ জৰিয়তে ৰাজকোষলৈ ধন অনাৰ প্ৰচেষ্টা অব্যাহত আছে। আনহাতে কেন্দ্ৰই সম্পদৰ পৰিকল্পিত ব্যৱহাৰৰ উদ্দেশ্যে ব্যক্তিগত কোম্পানীসমূহক ৰাজহুৱা সম্পত্তি হস্তান্তৰ কৰি সম্পত্তিৰ মুদ্ৰাকৰণৰ দ্বাৰা ৰাজকোষ পূৰণ কৰাৰ চেষ্টা কৰি আছে।
নীতি আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় সচিবসকলৰ এটা বিশেষ গোটে এনে ৩০টা খণ্ড চিনাক্ত কৰিছে। ৩০টা খণ্ডৰ প্ৰায় ১০০টা সম্পত্তি ব্যক্তিগত ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হ’ব। ইয়াৰ ভিতৰত আছে অব্যৱহৃত ভূমি, বিভিন্ন চৰকাৰী সংস্থাৰ কাৰ্য্যালয় বা ঘৰ আৰু লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল প্ৰকল্প।
বিত্ত মন্ত্ৰালয়ৰ এজন বিষয়াৰ মন্তব্য অনুসৰি চৰকাৰে সম্পত্তি মুদ্ৰাকৰণ কৰোতে ব্যক্তিগতকৰণ কৰাৰ দৰে সম্পত্তি বিক্ৰী কৰা নাই। তাৰ পৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ চেষ্টাহে কৰি আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ টোল-অপাৰেট-ট্ৰেন্সফাৰৰ আধাৰত ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰা হ’ব। কিছুমান ৰেল ব্যক্তিগত কোম্পানীৰ দ্বাৰা পৰিচালিত হ’ব। এনেদৰেই দেশৰ ৰাজকোষৰ বাবে উপাৰ্জনৰ নতুন পথ জন্ম হব। বিশ্বস্ত সূত্ৰই দিয়া তথ্য মতে দিল্লী মেট্ৰো, ৰে’লৱেৰ ফ্ৰেইট কৰিডৰ, কলকাতা মেট্ৰ’ৰ কিছু আন্তঃগাঁথনিও এই তালিকাত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ১২ টা অংশ (দৈৰ্ঘ্য প্ৰায় ৬০০০ কিমি) চিনাক্ত কৰা হৈছে। ১৫০ খন যাত্ৰীবাহী ৰে’ল তথা নতুন দিল্লী, মুম্বাইকে ধৰি প্ৰায় ৫০ টা ৰে’ল ষ্টেচন এই তালিকাত আছে। ইণ্ডিয়ান অইল, গেলৰ পাইপলাইন, পাৱাৰ গ্ৰিড পাৱাৰ ট্ৰান্সপোৰ্ট লাইনকো ব্যক্তিগত কোম্পানীবোৰে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ সম্ভাৱনা আছে।
কেন্দ্ৰই BSNL, MTNLৰ টেলিকম টাৱাৰ, ফাইবাৰ নেটৱৰ্ক ব্যক্তিগত কোম্পানীক দ্বাৰা ব্যৱহাৰ কৰিবলৈ অনুমতি দি ধন উপাৰ্জনৰ চেষ্টা কৰি আছে। দাৰ্জিলিঙৰ টয় ট্ৰেইনৰ দৰে ৰে’লৱে পৰ্যটনৰ আন্তঃগাঁথনিও ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়া হ’ব পাৰে। বিমান মন্ত্ৰালয়ে ইতিমধ্যেই ছয়টা বিমানবন্দৰৰ কাৰ্যকলাপ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই বছৰ তালিকাখনত আন ১২ টা বিমানবন্দৰো যোগ কৰা হ’ব পাৰে। দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামখনো এই তালিকাত আছে। তালিকাখন সোমবাৰে প্ৰকাশ পালে বিনিয়োগকাৰীসকলৰ বিনিয়োগৰ পৰিকল্পনা তৈয়াৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই ব্যাখ্যা কৰিছে যে চলিত বিত্তীয় বৰ্ষত বিনিয়োগ খণ্ডত ১.৭৫ লাখ কোটি টকা উপাৰ্জন কৰাৰ লক্ষ্য বাজেটত নিৰ্ধাৰণ কৰা হৈছে। কিন্তু সম্পদ মুদ্ৰাকৰণৰ দ্বাৰা অধিক উপাৰ্জনৰ সম্ভাৱনা আছে। ২০২১-২২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ এই চাৰি বছৰত প্ৰায় ৬ লাখ কোটি টকা দেশৰ ৰাজকোষলৈ আহিব পাৰে।
অৱশ্যে বিৰোধীয়ে অভিযোগ কৰিছে যে মোডী চৰকাৰে চৰকাৰী সম্পত্তি বিক্ৰী কৰি আছে বা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা সম্পত্তি ভাড়াত দি প্ৰচাৰৰ বাবে  ধন সংগ্ৰহ কৰিছে। কিন্তু মোডী চৰকাৰে দিয়া স্পষ্টীকৰণ অনুসৰি অহা চাৰি বছৰত এনে বহুতো চৰকাৰী সম্পত্তি কৰ্পোৰেট গোষ্ঠীক ব্যৱহাৰ কৰিবলৈ অনুমতি দি ৬ লাখ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে চৰকাৰে। প্ৰাপ্ত খবৰ অনুসৰি তালিকাখনত দাৰ্জিলিঙৰ টয় ট্ৰেইন কিম্বা কলকাতা মেট্ৰো ট্ৰেইনৰ আন্তঃগাঁথনিও অন্তৰ্ভুক্ত হব পাৰে।

Leave A Reply

Your email address will not be published.