সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগান সংকট : প্ৰধানমন্ত্ৰীয়ে কি দায়িত্ব দিলে বিদেশ মন্ত্ৰীক ?

আফগানিস্তানৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰাব কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰালয়ক এই দায়িত্ব অৰ্পন কৰিছে ৷ সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছে ৷ তাত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷কাবুলৰ পৰা দৈনিক দুখন উৰাজাহাজেৰে দেশলৈ ভাৰতীয় লোকসকলক ওভতাই অনা হৈছে ৷

২৬ আগষ্টত বিষয়টো লৈ সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে ৷

 

- Donation -

Leave A Reply

Your email address will not be published.