আফগান সংকট : প্ৰধানমন্ত্ৰীয়ে কি দায়িত্ব দিলে বিদেশ মন্ত্ৰীক ?

Share This Article

আফগানিস্তানৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰাব কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰালয়ক এই দায়িত্ব অৰ্পন কৰিছে ৷ সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছে ৷ তাত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷কাবুলৰ পৰা দৈনিক দুখন উৰাজাহাজেৰে দেশলৈ ভাৰতীয় লোকসকলক ওভতাই অনা হৈছে ৷

২৬ আগষ্টত বিষয়টো লৈ সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.