ধন লৈ ‘ভাৰত জোড়ো’ত পূজা ভাট?

Share This Article

‘ভাৰত জোড়ো’ যাত্ৰাত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ অভিনেতা,অভিনেত্ৰী সকলক কংগ্ৰেছে ধন দি ৰাহুল গান্ধীৰ লগত পদযাত্ৰা কৰোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে।উল্লেখযোগ্য যে অভিনেত্ৰী পূজা ভাট,ৰিয়া সেন আদিয়ে ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল আৰু তাকে লৈ সৰৱ হৈছে শাসক দল।অভিনেত্ৰী পূজা ভাটে ৰাহুল গান্ধীৰ পদযাত্ৰা হায়দৰাবাদ পোৱাৰ সময়ত প্ৰায় ১৫ কিলোমিটাৰ পথত ৰাহুল গান্ধীক সংগ দি সহযোগিতা আগবঢ়াইছিল।পূজা ভাটে বিজেপিৰ এই দাবীৰ বিৰোধিতাৰে হাৰপাৰ লীৰ ‘টু কীল এ মকিং বাৰ্ড’ ৰ উদ্ধৃতি দি টুইটাৰত লিখিছে “ “তেওঁলোকে তেনে কথা ভবাৰ অধিকাৰ আছে৷তেওঁলোকৰ মতামতক তেওঁ সন্মান দিব৷কিন্তু মই আন কাৰোবাৰ লগত জীৱন যাপন কৰাৰ আগতে নিজে নিজৰ লগত যাপন কৰিব লাগিব৷মানুহৰ বিবেকক আন কোনেও শাসন কৰিব নোৱাৰে।”অভিনেতা সুশান্ত সিঙেও ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল ।তেওঁ পূজা ভাটৰ টুইটটো শ্বেয়াৰ কৰি লিখিছে যে তেওঁ প্ৰথম বাৰৰ বাবে এনেকৈ ৰাজনৈতিক দলৰ কাৰ্যসূচীত অংশ লৈছে।উল্লেখ্য যে পূজা ভাটৰ ওপৰিও এই পদযাত্ৰাত অমল পালেকাৰ,সন্ধ্যা গোখলে,ৰিয়া সেন,ৰশ্মি দেশাই,আকাংক্ষা পুৰী আদিয়েও ‘ভাৰত জোড়ো’ যাত্ৰাত অংশ লৈছিল।বিজেপি নেতা নীতিশ ৰাণে এক হোৱাটচএপ বাৰ্তা শ্বেয়াৰ কৰি লিখিছে অভিনেতাসকলক কংগ্ৰেছে ধনৰ বিনিময়ত পদযাত্ৰা কৰোৱাইছে।বিজেপি আইটি শ্বেলৰ মূৰব্বী অমিত মালভ্যই এই একেটা স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰি লিখিছে “ কেৱল ধনৰ কাৰণেই ৰাহুল গান্ধীৰ সহযোগী হোৱাৰ আগ্ৰহ কৰিছে নেকি?”কংগ্ৰেছ দলে বিজেপিৰ দাবী নস্যাৎ কৰিছে।এনেকুৱা অৰ্থহীন হোৱাটচএপ শ্বেয়াৰ কৰি বিজেপিয়ে যাত্ৰাটো গুৰুত্বহীন কৰিব বিচৰিছে।“ বিজপিহে কৃত্ৰিমভাৱে জনপ্ৰিয়তা ক্ৰয় কৰাত ওস্তাদ।ইউপিএৰ দিনত কোনো চেলেব্ৰিটিয়ে পেট্ৰ’ল,ডিজেলৰ মূল্য সম্পৰ্কত চৰকাৰক সমৰ্থন কৰি টুইট কৰা মনত নাই”- এনেদৰে কয় মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা শচীন সাৱন্তে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.