১২ বিজেপি বিধায়কক নিলম্বন

Share This Article

ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ ৪২ জন বিধায়কক এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।নতুন মুখৰ লগতে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈছে পুৰণা বিজেপি নেতা-কৰ্মী।পুৰণি বিজেপিৰ গৰিষ্ঠসংখ্যকেই আগন্তুক নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে।তেনে ১২গৰাকী বিদ্ৰোহী বিজেপি বিধায়কক দলৰ পৰা নিলম্বন কৰিছে দলটোৱে। এই ১২গৰাকীয়েই আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছিল! দলটোৱে দ্বিতীয় বাৰৰ বাবে এনে নিলম্বনৰ সিন্ধান্ত লৈছে।বিগত দেওবাৰে ৭ জন বিজেপি বিধায়কক নিলম্বন কৰিছিল দলটোৱে। “ এই বিধায়ক সকলক ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন কৰা হৈছে ।দলবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত তেওঁলোকক নিলম্বন কৰা হৈছে”-বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ উদ্ধৃতিৰে এনেদৰে প্ৰকাশ কৰে দলটোৰ জনসম্পৰ্ক বিভাগে।বিজেপিৰ পৰা নিলম্বন হোৱা নেতা সকল ক্ৰমে পাদ্ৰাৰ দিনুভাই পেটেল,ভাগ’দিয়াৰ মধুভাই শ্ৰীবাস্তৱ আৰু কুলদীপ সিং ৰাউল ।এওঁলোক আটাই কেইজনেই বদোদৰা জিলাৰ।পঞ্চমহল জিলাৰ চাহেৰাৰ বি পাগী,আৰাৱলী জিলাৰ ধৱাল সিং ঝালা, মহচেনা জিলাৰ ৰামসিং ঠাকৰকো নিলম্বন কৰা হৈছে।১৮২ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মুঠ ৪২ গৰাকী বৰ্তমানৰ বিধায়কে প্ৰাৰ্থিত্ব লাভ নকৰিলে।প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণী,প্ৰাক্তন উপমুখ্যমন্ত্ৰী নীতিন পেটেল আৰু দলৰ সভাপতি চি আৰ পাটিলে আগন্তুক নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ সিন্ধান্তৰ বিষয়ে আগতীয়াকৈ জনাইছিল।দলটোৱে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যিক সভাপতি চি আৰ পাটিলক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে।দলটোৱে ১৮২ খন আসনৰ ১৪০ খন আসন দখলৰ সপোন দেখিছে এইবাৰ।বিগত ২৭ বছৰ গুজৰাট আছিল বিজেপিৰ দখলত।২০০১ চনৰ পৰা ২০১৪ চনলৈকে নৰেন্দ্ৰ মোডী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী।ইতিমধ্যে আপ দলে গুজৰাটৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়ায়েই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিলে৷কংগ্ৰেছ দলেও বিধানসভা নিৰ্বাচনক লৈ যথেষ্ট সক্ৰিয় ভূমিকা লৈ আছে।তাৰ মাজতে বিসম্বাদত জৰ্জৰিত বিজেপিয়ে কেনেদৰে নিজৰ বিসম্বাদী সদস্যক সৈমান কৰে সেয়া হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.