Investigative reporting with dedication.

মুম্বাইৰ ক্ৰুজ জাহাজৰ ড্ৰাগছৰ গোচৰত বিপদে লগ এৰা নাই শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ। আৰয়ানৰ বাবে দুবাৰকৈ জামিন আবেদন কৰা হৈছিল আৰু দুয়োবাৰ আদালতৰ দ্বাৰা খাৰিজ হৈছিল। এতিয়া আৰয়ান খানৰ অধিবক্তাই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। উচ্চ ন্যায়ালয়ত আৰয়ান খানে দাখিল কৰা এখন আবেদনত উল্লেখ কৰা হৈছে যে NCB-এ তেওঁক এখন ক্ৰুজ জাহাজত ড্ৰাগছ জব্দ কৰাৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰি আছে আৰু WhatsApp Chat-ও ভুলকৈ উপস্থাপন কৰা হৈছে।




