সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিক্ৰী নোহোৱাৰ বাবেই লখিমপুৰত কৃষকে জ্বলাই দিলে ধানঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাৰ নাম এতিয়া সৰ্বত্ৰ চৰ্চিত। মন্ত্ৰী পুত্ৰই গাড়ীৰে চেপি কৃষক হত্যা কৰাৰ পিছত খেৰীত এতিয়াও মাৰ যোৱা নাই উত্তেজনা । কিন্তু তাৰ মাজতে খেৰীৰ এটা ঘটনাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। লখিমপুৰৰ খেৰী জিলাৰ কৃষক সামোধ সিঙে মাণ্ডিত পেট্ৰ’ল ছটিয়াই জ্বলাই দিলে নিজৰ ধান। সামোধে যোৱা ১৪ দিন ধৰি ধান লৈ মাণ্ডিখন ঘুৰি ফুৰিছিল কিন্তু ধান কিনিবলৈ ইচ্ছুক কোনো গ্ৰাহক বিচাৰি পোৱা নাছিল সামোধে। হতাশ হৈ সামোধে পেট্ৰোল ঢালি শুক্ৰবাৰে জুই লগাই দিছিল ধানখিনি।

Leave A Reply

Your email address will not be published.