সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাচাছ বিতৰ্কঃ চৰকাৰৰ চোৰাংচোৱাগিৰিৰ বিৰুদ্ধে কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশত এতিয়াও অব্যাহত আছে পেগাচাছ বিতৰ্ক। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে কোনো বহিৰাগত কোম্পানীয়ে ভাৰতৰ ৰাজনৈতিক নেতা তথা ব্যৱসায়ী আৰু সাংবাদিকক চোৰাংচোৱাগিৰি কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছিল। বহুতৰে গোপন তথ্য অনাসয়ে কোনো বহিৰাগত কোম্পানীয়ে নিয়ন্ত্ৰণ কৰি আছে বুলি ৰাজহুৱা হোৱাৰ পিছতে দেশত সৃষ্টি হৈছিল বিতৰ্ক আৰু উত্তেজনা। পেগাচাছ সম্পৰ্কে মন্তব্য কৰি দেশৰ মুখ্য ন্যায়াধীশ এম ভি ৰমনে কয় যে উচ্চতম ন্যায়ালয়ে অভিযোগসমূহৰ ওপৰত ভিত্তি কৰি এখন কাৰিকৰী বিশেষজ্ঞ সমিতি গঠন কৰিব বিচাৰিছে। বিষয়টোৱে সময় লৈছে কিয়নো কোন কোন বিশেষজ্ঞ এই কমিটিত অন্তৰ্ভুক্ত হব সেয়া অহা সপ্তাহৰ ভিতৰতহে চূড়ান্ত হব। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কৈছিল যে ইজৰাইলৰ NSO গ্ৰুপে প্ৰস্তুত কৰা পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি অনুমোদিত নিৰীক্ষণৰ অভিযোগৰ তদন্ত কৰিবলৈ কাৰিকৰী বিশেষজ্ঞৰ এখন সমিতি গঠন কৰাৰ পৰিকল্পনা কৰিছে আৰু অহা সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত আদেশ ঘোষণা কৰা হব।
শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয় যে বিষয়টোত সময় লাগিছে কিয়নো সমিতিৰ সদস্য হোৱাৰ কথা মনতে ভাৱি থকা কোনো কোনো বিশেষজ্ঞই ব্যক্তিগত অসুবিধাৰ কথা উল্লেখ কৰি দলটোৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছে। সেয়েহে সমিতিখন গঠন কৰিবলৈ সময় লাগিছে।
পেগাচাছৰ বিৰুদ্ধে দাখিল কৰা আৱেদনসমূহৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰই কৈছিল যে বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্নৰ সৈতে জড়িত গতিকে চৰকাৰে আদালতত সকলো ৰাজহুৱা শপতনামাত দাখিল কৰিব নিবিচাৰে। চৰকাৰে পেগাচাছক ৰাজহুৱা বিতৰ্কৰ বিষয়ো কৰিব নিবিচাৰে কিন্তু ইয়াক ডমেইন বিশেষজ্ঞৰ এখন সমিতিৰ দ্বাৰা পৰীক্ষা কৰাবলৈ চৰকাৰ ইচ্ছুক। সমিটি খনো প্ৰতিবেদন আদালতত দাখিল কৰিব। আদালতক সমিতিখন গঠন কৰাৰ অনুমতি দিবলৈ আহ্বান জনাইছে চৰকাৰে। অৱশ্যে আবেদনকাৰীসকলে সমিতি খন গঠন কৰিবলৈ অনুমতি দিবলৈ চৰকাৰৰ অনুৰোধৰ বিৰোধিতা কৰিছিল।
ইয়াৰ আদেশ সংৰক্ষণ কৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কৈছিল যে আমি নিৰাপত্তা বা প্ৰতিৰক্ষা বা আন কোনো ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে সম্পৰ্কে জানিবলৈ কোনো প্ৰকাৰে আগ্ৰহী নহয়।কেৱল কিছু সংখ্যক নিৰ্দিষ্ট নাগৰিক আৰু সাংবাদিক কিম্বা উকীলৰ বিৰুদ্ধে কিছুমান ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হোৱাৰ ক্ষেত্ৰত আমি চিন্তিত। এই ছফ্টৱেৰটো চৰকাৰে আইনৰ অধীনত অনুমোদিত হোৱাৰ বাহিৰে আন কোনো পদ্ধতিৰে ব্যৱহাৰ কৰিছে নেকি জানিবলৈ ন্যায়ালয়ে অনুসন্ধান চলাব। স্বতন্ত্ৰ তদন্ত বিচৰা আবেদনবোৰ ইজৰাইলী প্ৰতিষ্ঠান NSO স্পাইৱেৰ পেগাচাছ ব্যৱহাৰ কৰি বিশিষ্ট নাগৰিক, ৰাজনীতিবিদ আৰু লিপিকাৰসকলৰ ওপৰত চৰকাৰী সংস্থাসমূহৰ দ্বাৰা স্নুপিং কৰাৰ প্ৰতিবেদনৰ সৈতে জড়িত।
এটা আন্তৰ্জাতিক মিডিয়া কনচৰ্টিয়ামৰ প্ৰতিবেদন অনুসৰি পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি নিৰীক্ষণৰ কৰা ৩০০ তকৈও অধিক প্ৰমাণিত ভাৰতীয় মোবাইল ফোন নম্বৰ পেগাচাছৰ সাম্ভাব্য লক্ষ্যৰ তালিকাত আছে।

Leave A Reply

Your email address will not be published.