জোপা-খোপা ক’ৰবাত ধৰি হ’লেও বিজেপিক লাগে গাদী

Share This Article

গুজৰাটত বিজেপিৰ অৱস্থা তথৈৱচ ! আম আদমী পাৰ্টিৰ নতুন ৰণকৌশলত বিধ্বস্ত হৈছে নেকি বিজেপি?
জোপাত পাৰিলে জোপাত,খোপাত পাৰিলে খোপাত ধৰিছে বিজেপিয়ে !প্ৰচাৰৰ কৌশল হিচাপে লৈছে এইবাৰ শিশুক শিশুক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰত নিষেধাজ্ঞা আছে যদিও কেৰেপ কৰা নাই বিজেপিয়ে।স্বয়ং প্ৰধানমন্ত্ৰীয়েই নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিলে শিশুক।প্ৰধানমন্ত্ৰীয়ে নিজেই কণমানি ছোৱালীজনীৰ লগত তোলা এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে আৰম্ভ হৈছে ব্যাপক চৰ্চা।প্ৰধানমন্ত্ৰীৰ এই ভিডিঅ’ সম্পৰ্কত টুইটাৰত কঠোৰ সমালোচনা কৰিছে এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে৷এক টুইটাৰ বাৰ্তাত তেওঁ লিখিছে “ এজনী সৰু ছোৱালীক প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে৷প্ৰধানমন্ত্ৰীয়ে আইন ভংগ কৰিছে৷নিৰ্বাচন আয়োগ ক’ত ?শিশুৰ অধিকাৰৰ কথা কোৱা ৰাষ্ট্ৰীয় আয়োগ ক’ত?”জয়ৰাম ৰমেশে আন এজন কংগ্ৰেছ নেতাৰ টুইটৰ তলত লিখিছে “ এইটো অপৰাধ কিন্তু নিৰ্বাচন আয়োগ বা শিশু অধিকাৰৰ কথা কোৱা ৰাষ্ট্ৰীয় আয়োগে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ নলয় ।”
“ এনেকৈ শিশুক ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে।প্ৰধানমন্ত্ৰী মোডীয়ে এজনী সৰু ছোৱালীক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছে৷ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুনগ’ৱে কি কৰি আছে?কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি?নিৰ্বাচনী আয়োগক কোনোবাই জনাবনে?নিৰ্বাচন আয়োগে নিজাববীয়াকৈ এই বিষয়বোৰত গুৰুত্ব দিয়া উচিত ”-এনেদৰে টুইট কৰে সুপ্ৰিয়া শ্ৰীনাতে।উল্লেখযোগ্য যে গুজৰাটত অহা ১আৰু ৫ ডিচেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷একেলেঠাৰিয়ে ২৭ বছৰ শাসনৰ গাদী দখল কৰি থকা বিজেপিক আঁতৰোৱাৰ বাবে আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দলে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে৷কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত আপ যথেষ্ট আগবাঢ়ি আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.