সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মাচাজ’হে আছিল সেয়া !

দিল্লীৰ এগৰাকী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত মাচাজ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল যিটোক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছিল।কাৰাগাৰৰ কাৰাবন্দীক মাচাজ দি লাহবিলাহৰ জীৱন যাপনৰ সুবিধা দিয়াৰ পৰম্পৰা নাই।বিজেপিৰ তীক্ষ্ণ সমালোচনাৰ পৰা হাত সাৰিবলৈ আপ দলে সেয়া মাচাজ নহয় বৰঞ্চ ফিজিঅ’থেৰাপী বুলিহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।কিন্তু বিষয়টোত নতুন ৰহণ সানি এইবাৰ ভাইৰেল ভিডিঅ’টোত মন্ত্ৰীগৰাকীক মাচাজ দি থকা লোকজন নিজ কন্যাক ধৰ্ষণ কৰা এজন অপৰাধীৰহে ভিডিঅ’ আছিল বুলি প্ৰকাশ পাইছে।মন্ত্ৰীজনে এজন ধৰ্ষণকাৰীৰ পৰা মাচাজ লোৱা কথাটো সমালোচনা কৰি বিজেপিয়ে দিল্লীৰ আপ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ক্ষমা বিচৰাৰ দাবী তোলাৰ লগতে মন্ত্ৰী সত্যেন্দ্ৰ জৈনক এক মিনিটো পলম নকৰাকৈ মন্ত্ৰীসভাৰ পৰা আঁতৰোৱাৰ দাবী তোলে। কেজৰিৱালে মাচাজক কিয় ফিজিঅ’থেৰাপী বুলি কৈছিল তাক লৈয়ো প্ৰশ্ন কৰিছে বিজেপিয়ে।ৰিংকু নামৰ কাৰাবন্দী জন এজন নিজ কন্যাৰ ধৰ্ষণৰ লগত জড়িত অপৰাধী।নিজৰ দশম শ্ৰেণীত পঢ়ি থকা কন্যাক ধৰ্ষণ কৰি পক্স’ আইনত গ্ৰেপ্তাৰ হৈ আছে তেওঁ।দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰত বিগত ১৩,১৪ আৰু ২১ছেপ্তেম্বৰৰ এই ভিডিঅ’টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল।বিজেপিয়ে এই বিষয়টো উত্থাপন কৰি আপক আক্ৰমণ কৰি আহিছিল।এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জৈনক অবৈধ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল বিগত জুন মাহত।সত্যেন্দ্ৰ জৈনক তিহাৰ কাৰাগাৰত ভিআইপি সুবিধা আগবঢ়োৱাৰ বিষয়টোৰ বাবে তিহাৰ জে’লৰ ১২গৰাকী কৰ্মচাৰী তথা বিষয়াক বদলি কৰা হৈছিল।মন্ত্ৰী জৈনক তেওঁৰ ম’বাইলেৰে কাৰোবাৰ লগত ছেটিং কৰি থকাৰ ভিডিঅ’ও শেহতীয়াকৈ ভাইৰেল হৈছিল ।বন্দীক ফিজিঅ’থেৰাপী দিয়াৰ কোনো নিয়ম নাই কাৰাগাৰত। শ্বেহনাজ জয় হিন্দ নামৰ নেতাজনে আপক সমালোচনা কৰি লিখিছে সত্যেন্দ্ৰ জৈনক মালিচ দিয়া মানুহজন এজন ধৰ্ষণকাৰী।তেওঁ ফিজিঅ’থেৰাপিষ্ট নহয় তেওঁ এজন ধৰ্ষণকাৰী।এজন ধৰ্ষণকাৰীৰ পৰা মালিচ লৈ থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।তদুপৰি স্বয়ং কেজৰিৱালেই সেয়া মালিচ নাছিল ফিজিঅ’থেৰাপীহে আছিল বুলি বাৰে বাৰে কৈ আহিছে। আনকি সোমবাৰেও অৰবিন্দ কেজৰিৱালে তেওঁৰ মন্ত্ৰীক ভিআইপি সা-সুবিধা দিয়াৰ কথা অস্বীকাৰ কৰি কয় তেওঁক ফিজিঅ’থেৰাপী দিয়া হৈছিল কিন্তু সেয়া মাচাজ নাছিল।“তেওঁলোকে ইয়াক মাচাজ আৰু ভিআইপি সা-সুবিধা বুলি কৈছে,কিন্তু এইটো প্ৰকৃতাৰ্থত ফিজিঅ’থেৰাপীহে”- দেওবাৰে গুজৰাটৰ বদোদৰাত নিৰ্বাচনী সভাত অংশ লৈ এনেদৰে কয় কেজৰিৱালে।
উল্লেখ্য যে জৈন বিগত জুন মাহৰ পৰা কাৰাগাৰত আছে।দিল্লীৰ ন্যায়ালয়ে তেওঁৰ জামিন বিগত সপ্তাহত নাকচ কৰিছিল।

Leave A Reply

Your email address will not be published.