১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে

Share This Article

১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ কোটি টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত শুক্ৰবাৰে দেশবাসীক সম্বোধন কৰি কয় যে কালি ২১ অক্টোবৰত ভাৰতে ১ বিলিয়ন অৰ্থাৎ ১০০ কোটি ভেকচিন প্ৰদানৰ এক কঠিন আৰু অসাধাৰণ লক্ষ্য প্ৰাপ্ত কৰিছে।
ভাৰতে এদিন আগতে ক’ভিডৰ টিকাকৰণৰ ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণত লগতে কয় যে ১০০ কোটি ভেকচিনৰ পালি কেৱল অকল মাত্ৰ এটা বৃহৎ পৰিসংখ্যাই নহয় দেশখনৰ শক্তিৰ প্ৰতিফলনো। ই হৈছে ইতিহাসৰ নতুন অধ্যায়ৰ সৃষ্টি। এইখন এখন নতুন ভাৰতৰ ছবি যিয়ে কঠিন লক্ষ্য কেনেদৰে প্ৰাপ্ত কৰিব লাগে জানে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুখ্য বিষয়সমূহ এৰাই চলাৰ অভিযোগ উঠিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.