হিন্দু ধৰ্মৰ প্ৰতি বৈৰাগ্য কিয়?

Share This Article

ৰাজস্থানৰ ২৫০ টা পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰিলে। এই পৰিয়াল কেইটাই হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে বৌদ্ধ ধৰ্ম ।শুনিবলৈ সহজ যেন লাগিলেও এটা নহয় দুটা নহয় মুঠ ২৫০ টা দলিত পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰাটো একেবাৰে সহজ কথা নহয়। ধৰ্মান্তকৰণৰ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাংৰা জিলাত।এজন ব্যক্তিয়ে বা এটা পৰিয়ালে কেতিয়াবা ধৰ্মান্তৰ হোৱাৰ খবৰ আপুনি শুনিছে বা তেনে খবৰ প্ৰায়ে শুনা যায়। কিন্তু একে সময়তে এখন গাঁৱৰ মানুহে একেলগে নিজ ধৰ্ম ত্যাগ কৰাৰ অন্তৰালত কি ৰহস্য আছে?  কিয় ২৫০ টা দলিত পৰিয়ালে ত্যাগ কৰিলে হিন্দু ধৰ্ম ? মুঠ ২৫০ টা দলিত পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে বৌদ্ধ ধৰ্ম। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত । ৰাজস্থানৰ বাংৰা জিলাৰ ভুলেন গাঁৱৰ দলিত পৰিয়ালৰ লোকে এই সিদ্ধান্ত গ্ৰহণ কৰি ত্যাগ কৰিলে হিন্দু ধৰ্ম। কাৰণ সেই অঞ্চলত ১৫ দিনৰ আগত মা দুৰ্গাৰ পূজা অৰ্চনা অনুষ্ঠিত হৈছিল আৰু সেই দেৱী দুৰ্গাৰ পূজা অৰ্চনাৰ সময়তে উচ্চ বৰ্ণৰ লোকে দুই দলিত যুৱকক মাৰপিট কৰে । তাৰ পিছতেই ভূলেন গাঁও খনৰ দলিত লোকে ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ থানাত এখন এজাহৰ দিয়ে আৰু ঘটনাৰ উচিত তদন্তৰ দাবী কৰে । কিন্তু কোনো ধৰণৰ ব্যৱস্থা আৰক্ষীয়ে তথা গাওঁ পঞ্চায়তে গ্ৰহণ নকৰিলে। ফলত সেই অঞ্চলৰ ২৫০ টি দলিত পৰিয়ালে একেলগে হিন্দু ধৰ্ম ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্তক্ৰমে শেষত দলিত পৰিয়ালৰ লোক সকলে ঘৰত থকা হিন্দু দেৱী দেৱতাৰ মূৰ্তি প্ৰতিমা আৰু ফটো ওচৰৰ বেথলী নদীত বিসৰ্জন দিয়ে । তাৰ পিছতেই ২৫০ টা দলিত পৰিয়ালৰ লোকে হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰে বৌদ্ধ ধৰ্ম। উল্লেখ্য যে ৫ অক্টোবৰত ৰাজস্থানৰ বাংৰা জিলাৰ ভূলেণ গাঁৱত দলিত সম্প্ৰদায়ৰ দুই যুৱক ৰাজেন্দ্ৰ আৰু ৰামহেত এচবালে মা দুৰ্গাৰ আৰতিৰ উদ্দেশ্যে পূজা আয়োজন কৰিছিল। সেই পূজা স্থলীতে উচ্চ বৰ্ণৰ দুই লোক ৰাহুল শৰ্মা আৰু লালচন্দ লৌধাই সেই দুই দলিত যুৱকক মাৰপিট কৰে। উক্ত মাৰপিট ঘটনাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় গাঁওখনত । সমান্তৰালকৈ গাঁওখনৰ ২৫০ দলিত পৰিয়ালৰ লোকে ন্যায়ৰ দাবী উত্থাপন কৰে আৰু অৱশেষত কোনো ন্যায় লাভ নকৰি তেওঁলোকে সমুদায়ভাৱে ধৰ্মান্তৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শেষত ৰাজস্থানৰ বাংৰা জিলাৰ ভুলেণ গাঁওৰ এই ২৫০ টা দলিত সম্প্ৰদায়ৰ পৰিলায়ে ত্যাগ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্ম ত্যাগ কৰি তেখেতসকলে গ্ৰহণ কৰে বৌদ্ধ ধৰ্ম ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.