দুখবৰঃ কাপোৰ আৰু জোতা/চেণ্ডেলৰ GST বৃদ্ধি কৰিব কেন্দ্ৰই-বৃদ্ধি পাব দাম

Share This Article

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১০০০ টকা পৰ্য্যন্ত মূল্যৰ কাপোৰ আৰু জোতা/চেণ্ডেলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে সাধাৰণ জনতাৰ জীৱন ধাৰণৰ অত্যাৱ্যকীয় ব্যয় বৃদ্ধি পাব। উদাহৰণ স্বৰূপে ১০০০ টকা মূল্যৰ কাপোৰৰ মূল্য ১২ শতাংশ GSTৰ সৈতে ১১২০ টকালৈ বৃদ্ধি হ’ব। অৱশ্যে ভাৰতত বিক্ৰী হোৱা ৮০% শতাংশ কাপোৰৰ মূল্য ১০০০ টকাতকৈও কম। নতুন কৰৰ হাৰ কম্বল আৰু টেবুল কভাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। বৰ্তমান ১০০০ টকাতকৈ অধিক মূল্যৰ কাপোৰ আৰু জোতাৰ বাবে ১২ শতাংশ জিএছটি আদায় কৰি থকা হৈছে। এই বৃদ্ধিৰ পৰিমাণ GST পৰিষদৰ পৰামৰ্শৰ ওপৰত আধাৰিত আছিল। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে (চিবিআইচি) ১৮ নৱেম্বৰত নতুন কৰ হাৰৰ বিষয়ে জাননী দিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.