মিছা বিক্ৰী কৰে ৰাজনীতিকে

Share This Article

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায় পতিয়ন যায়। দৰিদ্ৰতা,মুদ্ৰাস্ফীতি,কৰ্মসংস্থাপনহীনতা,কৃষকক উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য দিয়া আদি জ্বলন্ত সমস্যাবোৰ এতিয়া তল পৰিল।দুৰ্নীতি এতিয়া ভোটাৰৰ বাবে ইছ্যু নহয়।কাৰণ কোনো বিৰোধী দলেই এই বিষয়টোক লৈ প্ৰতিবাদ কৰা নাই।যদি কোনো বিৰোধীয়ে জ্বলন্ত সমস্যাক লৈ মাত মাতিছে,সেয়া কেৱল ফটো তুলিবলৈ অথবা ভিডিঅ’টো ভাইৰেল কৰিবলৈহে।বিৰোধী দলেই হওক বা শাসক দলেই হওক নিৰ্বাচনী প্ৰচাৰ চলাই কেৱল ফে’চবুকতহে৷ফে’চবুকৰ দৰে সামাজিক মাধ্যমতহে আলোচনা হয় জ্বলন্ত সমস্যাবোৰ।চাউল,ঘেঁহু আদি কৃষিজাত সামগ্ৰীৰ দাম বৃদ্ধি পাইছে,মুদ্ৰাস্ফীতি বাঢ়িছে কিন্তু জনতাৰ খবৰ নাই।কাৰণ অনলাইনত সামগ্ৰী ক্ৰয় কৰি অনলাইনতে পেমেণ্ট দিয়া বাবে জনতাই দাম দৰ বৃদ্ধিৰ বিষয়ে প্ৰশ্ন নকৰে।আনকি এই সকল ক্ৰেতাই সামগ্ৰীৰ দামনো কিমান বাঢ়িছে সেই বিষয়েও অৱগত নহয়।তেওঁলোকে একেলগে এসোপামান সামগ্ৰী ক্ৰয় কৰে গতিকে কোনটো সামগ্ৰীৰ দাম কিমান সেই বিষয়েও অৱগত নহয়।আপুনি যদি আটা ক্ৰয় কৰে আৰু একেলগে ১০ কেজি অৰ্ডাৰ দিয়ে আপুনি কেনেকৈ গম পাব যে প্ৰতি কিলোগ্ৰামত আপুনি কিমানকৈ দিলে?ঠিক সেইদৰে পেট্ৰল বা ডিজেল আপুনি যদি একেলগে ৩ বা ৪ হাজাৰ টকাৰ ভৰাই আপুনি কেনেকৈ গম পাব যে আপুনি প্ৰতি লিটাৰত কিমানকৈ দিলে?আৰু তাৰেই সুবিধা লয় ৰাজনৈতিক নেতাই।যেতিয়া জনতাই মুদ্ৰাস্ফীতিৰ বিষয়ে এটাও প্ৰশ্ন নকৰিব,ৰাজনৈতিক নেতাই সেই সুবিধা ল’বই৷নিবনুৱা সমস্যাই কেনেকৈ গুৰুত্ব লাভ কৰিব যদি নিবনুৱাই চাকৰিৰ বাবে অলপো যুঁজেই কৰিব নালাগে৷এতিয়া কাৰো হাতত সময় নাই,সকলোকে কম কষ্টতে লাগে।জনতাৰ আৰামপ্ৰিয়তাৰ সুযোগ লৈছে ৰাজনীতিকে।সেয়ে নিৰ্বাচনত কোনো ইছ্যু নাই৷মাত্ৰ ৰাজনীতিকে বাচি লৈছে জাতপাতৰ ৰাজনীতিক৷যদি জাতিভেদৰ সমীকৰণটো ঠিকে থাকে,তেন্তে ৰাজনীতিক জয়ী হয় আৰু নিমিলিলে পৰাজিত হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.