নৃশংস প্ৰেম

Share This Article

প্ৰাক্তন প্ৰেমিকাক টুকুৰাটুকুৰ কৰিলে প্ৰেমিকে।প্ৰেমিকাৰ মৃতদেহ কাটি পেলাই দিলে কুঁৱাত ।বিগত ৯ নবেম্বৰৰ ঘটনা এয়া।প্ৰেমিকৰ নাম প্ৰিন্স যাদৱ। হত্যাকাণ্ডৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল তাৰ সঠিক তথ্য নাই আৰক্ষীৰ হাতত।সৌভাগ্যৰ বিষয় এয়ে যে হত্যাকাৰী প্ৰিন্স যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে আৰক্ষীৰ কবলৰ পৰা পলাব খোজোঁতেই আৰক্ষীৰ গুলীত নিহত হয় প্ৰিন্স।শনিবাৰে হত্যাকাৰী যাদৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতত এটা দেশত নিৰ্মিত পিষ্টল আছিল।প্ৰিন্স যাদৱে সেই বন্দুকটো আৰক্ষীক গুলীয়াবলৈ ব্যৱহাৰ কৰিছিল।প্ৰাক্তন প্ৰেমিকাক হত্যা কৰাৰ ঘটনাটো বিগত ১৫ নবেম্বৰত পোহৰলৈ আহিছিল।স্থানীয় জনতাই আৰাধনা নামৰ মহিলাগৰাকীৰ মৃতদেহ এটা কুঁৱাৰ ভিতৰত প্ৰত্যক্ষ কৰিছিল ।আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যৰ মতে মৃতদেহটো পুৰণি আৰু পষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতহে সঠিক তথ্য জনাব পৰা যায়।যাদৱে তেওঁৰ পিতৃমাতৃ আৰু সমন্ধীয় ভাতৃৰ লগত লগ লাগি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।২০২০ চনলৈকে আৰাধনাই প্ৰিন্সক ভাল পাইছিল কিন্তু তাৰপিছত তেওঁ আন ব্যক্তিৰ লগত বিয়া হৈ যায়।আজমগড়ৰ ইছাকপুৰ গাঁৱৰ বাসিন্দা আৰাধনা।৯ নবেম্বৰত যাদৱে তাইক বাইকত উঠাই এটা মন্দিৰলৈ লৈ গৈছিল।যেতিয়া তেওঁলোক মন্দিৰত উপস্থিত হৈছিলগৈ তাইক কুঁহিয়াৰৰ খেতিৰ মাজলৈ লৈ যোৱা হৈছিল।তাতেই ৬ টুকুৰা কৰি কাটিছিল তাইক।মূৰটো এটা পুখুৰীত পেলাই দিছিল হত্যাকাৰী প্ৰিন্সে।কিন্তু হত্যাকাণ্ডৰ স্থান দেখুৱাবলৈ নিওঁতেই পলাবলৈ চেষ্টা কৰাত নিহত হয় অপৰাধীটো। ইতিমধ্যে ঘটনাটোৰ লগত জড়িত প্ৰিন্সৰ পিতৃ মাতৃ আৰু সমন্ধীয় ভাতৃকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.